ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই

১৭ ডিচেম্বৰত দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জিলা আয়ুক্ত

ৰাইজক প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাত বিশেষ গুৰুত্ব সুমিত ছাত্তাৱানৰ

ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে৷ যোৱা ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা ছাত্তাৱানে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনাৰ লগতে খৰতকীয়া নিস্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ জিলা আয়ুক্তগৰাকীয়ে আগন্তুক একোটাকৈ দেওবাৰে জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ এটাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহি ৰাজহ চক্ৰটোৰ ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব৷ সেই অনুসৰি অহা ১৭ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত জিলা আয়ুক্তগৰাকী বশিষ্ট চাৰিআলিত থকা দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব আৰু ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব৷ উল্লেখ্য যে দায়িত্ব গ্ৰহণৰ পাছতে বিষয়া-কৰ্মচাৰীৰ সৈতে হোৱা এখন বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সৰ্বসাধাৰণ ৰাইজৰ দাবী আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসা কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছিল৷ ৰাইজে তেওঁলোকৰ মূল্যবান সময় নষ্ট কৰি যাতে প্ৰাপ্য সেৱাৰ বাবে কাৰ্যালয়লৈ অহা-যোৱা কৰি থাকিবলগীয়া নহয় তাৰ বাবে জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে নিজেও অধিক কষ্ট কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছিল৷ ইয়াৰ অংশ হিচাপে জিলা আয়ুক্তগৰাকীয়ে দেওবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...