চিনেমাৰ কায়দাৰে ডকাইতি, IT বিষয়া ৰূপে ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি লুটি নিলে ১ কেজি সোণ, নগদ ধন

বলীউডৰ ছবি স্পেচিয়েল 26 আপুনি হয়তো চাইছে। চিনেমাৰ কায়দাৰে চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে। IT বিষয়া ৰূপে প্ৰৱেশ কৰি ৯জন লোকে লুটি নিলে ১ কেজি সোণ, লগত নগদ ধনসহ মূল্যবান সা-সম্পত্তি। ডকাইতিৰ পিছত গাড়ীত আৰামেৰে পলায়ন কৰে ডকাইতকেইটাই। ৰিয়েল ইষ্টেট ব্যৱসায়ী ভেংকট সুব্ৰমনিয়ামৰ ঘৰত হঠাতে প্ৰৱেশ কৰে ৯জন লোক। ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি নিজকে তথ্যপ্ৰযুক্তি বিষয়া হিচাপে পৰিচয় দিয়ে। ডকাইতিৰ সময়ত ভেংকট সুব্ৰমনিয়াম ঘৰত উপস্থিত নাছিল। ভেংকট সুব্ৰমনিয়ামৰ অনুপস্থিতিৰ সুযোগ লৈ গোটেই ঘটনাটো পৰিপাটিকৈ সম্পন্ন কৰা হৈছিল। হায়দৰাবাদৰ গাচিবাউলীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।


চাইবাৰাবাদৰ আৰক্ষী আয়ুক্ত ষ্টিফেন ৰবীন্দ্ৰই সদৰি কৰা মতে গোচৰটো সোমবাৰে ৰুজু হৈছিল। ইতিমধ্যে আৰক্ষীয়ে গোচৰটোৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আৰ চি পুৰম ৰে’ল ষ্টেচনৰ পৰা ডকাইতিৰ সৈতে জড়িত পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাকেইজনক ৱাই অৰবিন্দ, এন মুৰলী শ্ৰীধৰ, পি ভেংকটা ৰাও, এছ সন্দীপ আৰু পি মোহন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ডকাইতকেইটাৰ পৰা ১ কিলোগ্ৰাম ২৭৬ গ্ৰাম সোণ উদ্ধাৰ কৰিছে। অৱশ্যে এতিয়াও আৰক্ষীৰ জালত পৰা নাই মূল অভিযুক্ত এম যশৱন্ত। এই এন যশৱন্তসহ সাই বাবা, শ্ৰীনিবাস আৰু চি শ্ৰীনিবাস নামৰ ৪ অভিযুক্তক ধৰিবলৈ তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে।


আৰক্ষীয়ে সদৰি কৰা অনুসৰি গোচৰটোৰ মাষ্টাৰমাইণ্ড হৈছে এম যশৱন্ত, যি যোৱা ডেৰ বছৰ ধৰি ৰিয়েল ইষ্টেট ব্যৱসায়ী ভেংকট সুব্ৰমনিয়ামৰ সৈতে এজেণ্ট হিচাপে কাম কৰি আছিল। অৱশ্যে ডকাইতিৰ সময়ত এম যশৱন্তক পৰিয়ালৰ সদস্যসকলে চিনি পোৱা নাছিল।


উল্লেখ্য যে, বলীউডৰ ছবি স্পেচিয়েল 26তো এনে এক কাহিনী দেখুওৱা হৈছিল। বাস্তৱ ক্ষেত্ৰত এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত বিষয়টো চৰ্চিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...