মাৰ্ঘেৰিটাত হাতীৰ গচকত এজনৰ মৃত্যু

0 100

মাৰ্ঘেৰিটাত বন্যহস্তীৰ গচকত মৃত্যু হয় এজন লোকৰ। নিশা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ গচকত মাকুম কিল্লা বজালনী অঞ্চলৰ ৰাজীৱ গগৈ নামৰ লোকজনৰ মৃত্যু হয়। লোকজনে নিশা ঘৰৰ সন্মুখত জুই জ্বলাই পহৰা দি থকাৰ সময়তে হাতীটো দেখি পলাবলৈ চেষ্টা চলাই যদিও হাতীটোৱে তেওঁক আক্ৰমণ কৰে।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.