চতুৰ্থবাৰৰ বাবে ইউৰো কাপ দখল কৰিলে স্পেইনে

চতুৰ্থবাৰৰ বাবে ইউৰো কাপ দখল কৰিলে স্পেইনে। ২-১ গ’ল ইংলেণ্ডক পৰাভূত কৰি চেম্পিয়ন হ’ল স্পেইন। ১২ বছৰৰ পাছত পুনৰ ইউৰো কাপ আহিল ৰঙা জাৰ্চী স্পেইনৰ হাতলৈ। ৫৮ বছৰ অপেক্ষা কৰাৰ পাছতো সাৰ্থক নহ’ল ইংলেণ্ডৰ সপোন। দেওবাৰৰৰ দিনটো স্পেইনৰ বাবে হৈ পৰিল অনবদ্য। উইম্বলডনত ন’ভাক জক’ভিচক পৰাস্ত কৰি ট্রফী হাতত তুলি লৈছিল স্পেইনৰ কাৰলোজ আলকাৰাজে। একেটা দিনতে ইউৰো কাপৰো চেম্পিয়ন হ’ল স্পেইন। জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপৰ ফাইনেলত স্পেইনে দৰ্শনীয় খেলেৰে দখল কৰিলে ইউৰো কাপ। স্পেইনৰ হৈ খেলৰ ৪৭ মিনিটৰ প্ৰথমটো গ’ল দিয়ে নিকো উলিয়ামছে। ৭৩ মিনিটত ইংলেণ্ডৰ ক’ল পালমাৰে একমাত্র গ’লটো দি সমতা স্থাপন কৰে। ৮৬ মিনিটত স্পেইনৰ হৈ বিজয়সূচক গ’ল দিয়ে নিকেল উয়েজাব’লে। ইফালে কোপা আমেৰিকাৰ ফাইনেলত খিতাপৰ যুঁজত নামিছে আৰ্জেণ্টিনা আৰু কলম্বিয়া। বৰ্তমান চলি আছে খেলখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...