টুকুৰা টুকুৰ হ’ল ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ

আমেৰিকাৰ মাজ আকাশত ভাঙি টুকুৰা টুকুৰ হ’ল ধন কুবেৰ ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। বৃহস্পতিবাৰে দক্ষিণ টেক্সাছৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা পৰীক্ষামূলকভাৱে এই ৰকেট উৎক্ষেপনৰ মাত্ৰ ৮ মিনিটৰ ভিতৰতে ভাঙি চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ষ্টাৰশ্বিপ। এই ঘটনাৰ বাবে আমেৰিকাৰ বিস্তীৰ্ণ এলেকাত দীৰ্ঘ সময় ধৰি ব্যাহত হৈ পৰে বিমানসেৱা। উল্লেখ্য চন্দ্ৰলৈ মানুহ পঠোৱাৰ লক্ষ্যৰে ২০২৩ চনৰ পৰা ইলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা স্পেছ এক্সে আৰম্ভ কৰিছিল ষ্টাৰশ্বিপ প্ৰকল্প। সেই প্ৰকল্প অনুসৰি ইতিমধ্যে ৬ বাৰ ষ্টাৰশ্বিপ উৎক্ষেপন কৰা হৈছে। বৃহস্পতিবাৰে সপ্তমবাৰৰ বাবে ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপনৰ সময়তে ঘটি গ’ল অঘটন। পৰিকল্পনা অনুসৰি এই ৰকেট উৎক্ষেপৰ ১ ঘণ্টা পাছতে ভাৰত মহাসাগৰত আহি অৱতৰণৰ কথা আছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপনৰ ৮ মিনিটৰ ভিতৰতে ধ্বংসপ্ৰাপ্ত হয় এলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। মেক্সিক’ উপসাগৰৰ বিস্তীৰ্ণ এলেকাত সিঁচৰিত হৈ পৰে ষ্টাৰশ্বিপৰ ধ্বংসাৱেশ। সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই ঢাকি ৰাখে বহু সময়। পৃথক পৃথক অগ্নিকুণ্ড তীব্ৰবেগে আকাশৰ পৰা পৃথিৱীলৈ নামি অহা দেখা গৈছিল সেই সময়ত। সেয়ে মায়ামি বিমানবন্দৰৰ বহুকেইখন বিমানৰ উৰন বাতিল কৰি দিয়া হয়। ২০খনৰো অধিক বিমানৰ পথ সলনি কৰা হয় এই ঘটনাৰ বাবে। স্পেছ এক্সৰ তৰফৰ পৰা জনোৱা তথ্য অনুযায়ী উৎক্ষেপণৰ সময়ত ৰকেটৰ উপৰিভাগৰ কিছু যন্ত্ৰৰ মাজত সমন্বয় বিসংগতিৰ বাবে ধ্বংস হৈ যায় ষ্টাৰশ্বিপ। অৱশ্যে এনে এক ডাঙৰ অঘটনৰ পাছতো স্পেছ এক্সৰ স্বত্বাধিকাৰী তথা প্ৰখ্যাত ধনকুবেৰ এলন মাস্কে বিষয়টো সন্দৰ্ভত ৰগৰ কৰিয়েই সামাজিক মাধ্যমত পোষ্ট দিছে। লগতে আপলোড কৰিছে ষ্টাৰশ্বিপ ধ্বংসৰ মুহূৰ্তৰ দৃশ্য। মাস্কৰ মতে ‘সাফল্য নিশ্চিত নহয়, কিন্তু বিনোদন নিশ্চিত’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...