টুকুৰা টুকুৰ হ’ল ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ

আমেৰিকাৰ মাজ আকাশত ভাঙি টুকুৰা টুকুৰ হ’ল ধন কুবেৰ ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। বৃহস্পতিবাৰে দক্ষিণ টেক্সাছৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা পৰীক্ষামূলকভাৱে এই ৰকেট উৎক্ষেপনৰ মাত্ৰ ৮ মিনিটৰ ভিতৰতে ভাঙি চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ষ্টাৰশ্বিপ। এই ঘটনাৰ বাবে আমেৰিকাৰ বিস্তীৰ্ণ এলেকাত দীৰ্ঘ সময় ধৰি ব্যাহত হৈ পৰে বিমানসেৱা। উল্লেখ্য চন্দ্ৰলৈ মানুহ পঠোৱাৰ লক্ষ্যৰে ২০২৩ চনৰ পৰা ইলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা স্পেছ এক্সে আৰম্ভ কৰিছিল ষ্টাৰশ্বিপ প্ৰকল্প। সেই প্ৰকল্প অনুসৰি ইতিমধ্যে ৬ বাৰ ষ্টাৰশ্বিপ উৎক্ষেপন কৰা হৈছে। বৃহস্পতিবাৰে সপ্তমবাৰৰ বাবে ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপনৰ সময়তে ঘটি গ’ল অঘটন। পৰিকল্পনা অনুসৰি এই ৰকেট উৎক্ষেপৰ ১ ঘণ্টা পাছতে ভাৰত মহাসাগৰত আহি অৱতৰণৰ কথা আছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপনৰ ৮ মিনিটৰ ভিতৰতে ধ্বংসপ্ৰাপ্ত হয় এলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। মেক্সিক’ উপসাগৰৰ বিস্তীৰ্ণ এলেকাত সিঁচৰিত হৈ পৰে ষ্টাৰশ্বিপৰ ধ্বংসাৱেশ। সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই ঢাকি ৰাখে বহু সময়। পৃথক পৃথক অগ্নিকুণ্ড তীব্ৰবেগে আকাশৰ পৰা পৃথিৱীলৈ নামি অহা দেখা গৈছিল সেই সময়ত। সেয়ে মায়ামি বিমানবন্দৰৰ বহুকেইখন বিমানৰ উৰন বাতিল কৰি দিয়া হয়। ২০খনৰো অধিক বিমানৰ পথ সলনি কৰা হয় এই ঘটনাৰ বাবে। স্পেছ এক্সৰ তৰফৰ পৰা জনোৱা তথ্য অনুযায়ী উৎক্ষেপণৰ সময়ত ৰকেটৰ উপৰিভাগৰ কিছু যন্ত্ৰৰ মাজত সমন্বয় বিসংগতিৰ বাবে ধ্বংস হৈ যায় ষ্টাৰশ্বিপ। অৱশ্যে এনে এক ডাঙৰ অঘটনৰ পাছতো স্পেছ এক্সৰ স্বত্বাধিকাৰী তথা প্ৰখ্যাত ধনকুবেৰ এলন মাস্কে বিষয়টো সন্দৰ্ভত ৰগৰ কৰিয়েই সামাজিক মাধ্যমত পোষ্ট দিছে। লগতে আপলোড কৰিছে ষ্টাৰশ্বিপ ধ্বংসৰ মুহূৰ্তৰ দৃশ্য। মাস্কৰ মতে ‘সাফল্য নিশ্চিত নহয়, কিন্তু বিনোদন নিশ্চিত’।

Popular

More like this
Related

এটা যাদৃচ্ছিক চিন্তাৰে সৰ্বকালৰ IPLৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই…

অভিষেক শর্মা, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তৰুণ বেটছমেন, যিজনে ২০২৫ৰ চলিত...

ৰিয়ান যোগ্য বাবে অধিনায়ক পদ দিয়া হৈছিল: সঞ্জু ছেমছন

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ প্ৰথম পাঁচখন মেচৰ...

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি। ১৭...

দেওবাৰে RCBৰ বিৰুদ্ধে RRৰ ঘৰুৱা মেচ, জয়পুৰত উপস্থিত দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং...