ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

আজিৰে পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ দ্বিতীয় টেষ্ট। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। এই টেষ্টখনত জয়লাভ কৰিলেই শৃংখলা হস্তগত কৰিব ভাৰতীয় ক্ৰিকেট দলে। ইতিমধ্যে শৃংখলাত ১-০ৰ অগ্ৰগতিত আছে টীম ইণ্ডিয়া। ইফালে এইপৰ্যন্ত ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত খেলা এখনো টেষ্টত পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া। পূৰ্বতে খেলা ৫খন মেচতে জয়লাভ কৰিছিল ভাৰতে। মেচখনত সালসলনি হ’ব পাৰে ভাৰতীয় দলৰ মূল একাদশ। শ্ৰেয়স আয়াৰে স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা। প্ৰতিকূল বতৰে খেলখনত ব্যাঘাত জন্মাব পাৰে, বতৰে বিধিপথালি নিদিলে আহিব পাৰে ভাল খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...