কেঁচা তামোলক লৈ আহি আছে নতুন SOP

ক’ভিড ভাইৰাছ অথবা যান-বাহনক লৈ নহয়, এইবাৰ তামোলক লৈ অসম চৰকাৰৰ তামোলক লৈ SOP। মিজোৰামত উৎপাদিত কেঁচা তামোল অসমত বিক্ৰয়ৰ বাবে আহি আছে নতুন SOP। ইতিমধ্যে এই SOP প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডা হিমন্ত বিশ্ব শৰ্মাই। আজি হাইলাকান্দিত সংবাদ মাধ্যমক এই কথা অৱগত কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে।


উল্লেখ্য যে, বাৰ্মিজ চুপাৰিৰ পিছত এতিয়া আৰক্ষীয়ে অসমত প্ৰবেশ বন্ধ কৰি ৰাখিছে মিজোৰামত উৎপাদিত তামোলৰ। যোৱা দুদিনৰ পৰা মিজোৰামৰ পৰা অহা প্ৰায় ৩০টা তামোলভৰ্তি গাড়ী অসমৰ প্ৰবেশ পথত বন্ধ কৰি থৈছে হাইলাকান্দি আৰক্ষীয়ে। এতিয়াও ৩০খন ব্যৱসায়িক বাহনত মজুত আছে তামোল। প্ৰতিখন গাড়ীত গড়ে ৬০ মোনাৰো অধিক তামোল বোজাই কৰা আছে। অসম আৰক্ষীয়ে ৰামনাথপুৰ ৰে’ল ষ্টেচনৰ কাষতে বাহনসমূহক অসমত প্ৰবেশৰ অনুমতি দিয়া নাই। ইয়াৰ পূৰ্বেও হাইলাকান্দি আৰক্ষীয়ে এই কেঁচা তামোল অসমত প্ৰবেশত বাধা প্ৰদান কৰিছিল। ইয়াৰ পিছতে এই ঘটনাক লৈ বিধানসভাত সৰব হৈছিল বিধায়ক সুজাম উদ্দিন।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...