সোণাক্ষী-ইকবালৰ বিবাহ, নিমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট কৰা হৈছে কিছুমান নিষেধাজ্ঞা

সমাগত সোণাক্ষী সিনহা-জাহিৰ ইকবালৰ বিবাহ
২৩ জুনত বিবাহত বহিব দীৰ্ঘদিনীয়া প্ৰেমিক যুগল
সম্প্ৰতি ভাইৰেল হৈছে তাৰকাদ্বয়ৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
নিমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট কৰা হৈছে কিছুমান নিষেধাজ্ঞা
বিয়াত অতিথিয়ে পিন্ধিব নোৱাৰিব ৰঙা বৰণৰ কাপোৰ

নিমন্ত্ৰণী পত্ৰখনৰ প্ৰচ্ছদতে স্পষ্টকৈ লিখা আছে এই কথা। কভাৰত আছে সোণাক্ষী জাহিৰৰ অন্তৰংগ ফটো। লিখা আছে, ‘The Rumours Were True’। নিমন্ত্ৰণী পত্ৰখনত উল্লেখ আছে বিশেষ দিনটোৰ অতিথিসকলৰ বাবে ‘ড্ৰেছ কোড’ৰ কথা। উৎসৱৰ দিনটোত ‘আনুষ্ঠানিক’ সাজ-পাৰ পৰিধান কৰিবলৈ কোৱা হৈছে আমন্ত্ৰিত অতিথিক। সেই সাজ-পাৰৰ বৰণ হব নোৱাৰিব ৰঙা।

বিশেষ দিনটোত কেৱল কইনাকহে দেখা যাব ৰঙা পোছাকত
শিল্পা ছেট্টীৰ ৰেষ্টুৰেণ্টত সম্পন্ন হ’ব সোণাক্ষী-জাহিৰৰ বিবাহ অনুষ্ঠান
২৩ জুনৰ নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান

নিমন্ত্ৰণী পত্ৰখনত আছে এটা বিশেষ QR CODE। CODE স্কেন কৰিহে বিবাহথলীত প্ৰৱেশ কৰিব পাৰিব অতিথিয়ে। প্ৰায় সাত বছৰে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই আছিল সোণাক্ষী-জাহিৰ। সাত বছৰীয়া মৰম, হাঁহি, আনন্দ, ৰোমাঞ্চৰ অন্তত বিবাহৰ পৰ্যায়ত উপনীত হৈছে দুয়ো। এসময়ত দুয়োৰে সম্পৰ্কৰ বিষয়ে উৰাবাতৰি চলিছিল বলীউডত। সম্প্ৰতি সঁচাৰ ৰূপ পালে সেই ‘উৰাবাতৰি’য়ে। স্বামী-স্ত্ৰী বান্ধোনেৰে বান্ধ খাবলৈ ওলাইছে দুয়ো। জনপ্ৰিয় অভিনেতাদ্বয়ৰ শুভক্ষণত দুয়োকে শুভেচ্ছা জনাইছে অগণন অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

17 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...