বান বিভীষিকাৰ মাজতে শিৱসাগৰৰ এটা অসহায় পৰিয়াললৈ আশাৰ পোহৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰীৰ স্নেহ স্পৰ্শ আঁচনিয়ে। আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ থকা পঞ্চম শ্ৰেণীৰ ছাত্ৰ কল্যাণজ্যোতি গগৈৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ৰাজ্য চৰকাৰে।
শিৱসাগৰৰ পানবেচাৰ বাসিন্দা কল্যাণজ্যোতি গগৈ নামৰ কিশোৰজনৰ এটা কিডনী বিকল হৈ পৰিছে। কিশোৰজনৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন যদিও দৰিদ্ৰ পৰিয়ালটোৱে আৰ্থিক সংকটৰ বাবে সেই চিকিৎসাৰ ব্যয় বহন কৰিবলৈ সক্ষম হোৱা নাছিল। ফলত কিশোৰটিৰ চিকিৎসাক লৈ পৰিয়ালটো গভীৰ উদ্বেগত দিন কটাবলগীয়া হৈছিল।
এই পৰিস্থিতিত অসহায় পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কিশোৰজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়। বিষয়টো অধিক লোকৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে স্থানীয় এগৰাকী যুৱকে কল্যাণজ্যোতিৰ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বিষয়ে এটা ভিডিঅ’ প্ৰস্তুত কৰে।
পাছত এই ভিডিঅ’ৰ জৰিয়তে কিশোৰজনৰ চিকিৎসাৰ বিষয়টো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দৃষ্টিগোচৰ হয়। খবৰটো মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব তথা ACS প্ৰশান্ত প্ৰতীম কাঠকটীয়াৰো দৃষ্টিগোচৰ হয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত কল্যাণজ্যোতিৰ চিকিৎসাৰ বাবে সহায়ৰ ব্যৱস্থা কৰা হয়।
মুখ্যমন্ত্ৰীৰ স্নেহ স্পৰ্শ আঁচনিৰ অধীনত কিশোৰজনক উন্নত চিকিৎসাৰ বাবে কাইলৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)ত ভৰ্তি কৰোৱা হ’ব। আঁচনিখনৰ জৰিয়তে কিশোৰজনে চৰকাৰী বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব।
এতিয়া উন্নত চিকিৎসাৰ সুবিধা লাভ কৰাৰ আশাত পৰিয়ালটোৰ মাজতো স্বাভাৱিকতে স্বস্তিৰ পৰিৱেশ সৃষ্টি হৈছে। আৰ্থিক সংকটৰ বাবে চিকিৎসা কৰাব নোৱাৰা কল্যাণজ্যোতিৰ পৰিয়ালটোৰ বাবে চৰকাৰৰ এই সহায় আশাৰ নতুন ৰেঙণি হিচাপে পৰিগণিত হৈছে।
উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গুৰুতৰ ৰোগত আক্ৰান্ত শিশুসকলক চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে স্নেহ স্পৰ্শ আঁচনিৰ জৰিয়তে চৰকাৰে বিভিন্ন সময়ত সহায় আগবঢ়াই আহিছে। কল্যাণজ্যোতিৰ ক্ষেত্ৰতো এই আঁচনিৰ সহায়ত উন্নত চিকিৎসাৰ দুৱাৰ মুকলি হোৱাত এতিয়া সুস্থ হৈ ঘৰলৈ উভতি অহাৰ আশাত পৰিয়ালটো।
