ভৌগোলিক আৰু লজিষ্টিক প্ৰত্যাহ্বানসমূহ ক্ষীপ্ৰতাৰে আঁতৰ কৰাতো নিশ্চিত কৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংগনৱাড়ী আৰু ৱান ষ্টপ চেণ্টাৰসমূহে সক্ৰিয় সমৰ্থন লাভ কৰিব: স্মৃতি ইৰাণী

0 42

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত হোৱা মাণ্ডলিক সন্মিলনত অধ্যক্ষতা কৰে। এই সন্মিলনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, ছিকিম আৰু নাগালেণ্ডৰ অংশগ্ৰহণকাৰীসকলে অংশগ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত পোষণ অভিযান আৰু মন্ত্ৰালয়ৰ অন্যান্য গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ভাৰত চৰকাৰৰ পোনপটীয়া পদক্ষেপৰ দ্বাৰা ভৌগোলিক আৰু লজিষ্টিক প্ৰত্যাহ্বানসমূহ দ্ৰুততাৰে মোকাবিলা কৰাটো নিশ্চিত কৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো অংগনৱাড়ী আৰু ৱান ষ্টপ চেণ্টাৰবোৰে সক্ৰিয় সমৰ্থন লাভ কৰিব।

তেওঁ লগতে কয় যে মহিলা আৰু শিশুসকলৰ মাজত পুষ্টিৰ গুৰুত্ব বৃদ্ধি কৰাটো আজি এক জন আন্দোলনলৈ ৰূপান্তৰিত হৈছে। অংশীদাৰসকলৰ ধাৰাবাহিক অৱদানৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলৰ স্বাস্থ্য আৰু শিশুসকলৰ পৰিপুষ্টিজনিত সমস্যাসমূহ সমাধানৰ দিশটো কেৱল তেওঁলোকৰ সহযোগিতা আৰু ঐকান্তিক সমৰ্থনৰ বাবেই সম্ভৱ হৈছে।

ইফালে ৱান-ষ্টপ চেণ্টাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ৱান ষ্টপ ক্ৰাইছিছ চেণ্টাৰটোৰ ক্ষেত্ৰত এক সহযোগিতামূলক প্ৰচেষ্টা দেখা গৈছে, য’ত চৰকাৰৰ বিভিন্ন বিভাগে একত্ৰিত হৈ আৰক্ষী, মনো-সামাজিক পৰামৰ্শদাতা, আইনী পৰামৰ্শদাতা এই সকলোবোৰ সুবিধা একেটা স্থানতে একত্ৰিত হোৱাটো নিশ্চিত কৰি আহিছে। বিগত ৩ বছৰত সমগ্ৰ দেশৰ অ’মেন হেল্পলাইনৰ সহযোগত, ৭০ লাখ মহিলাই ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰৰ পৰা বিভিন্ন সহায়-সুবিধা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে এনেধৰণৰ আৰু ৩০০ টা কেন্দ্ৰ মুকলি কৰা হ’ব।

চৰকাৰৰ অন্যান্য গুৰুত্বপূৰ্ণ পদক্ষেপবোৰৰ বিষয়ে উল্লেখ কৰি ইৰাণীয়ে কয় যে জন-ধন যোজনাৰ দ্বাৰা সমগ্ৰ দেশৰ প্ৰায় ২৫ কোটি মহিলা লাভান্বিত হৈছে, যিয়ে জীৱনত প্ৰথমবাৰৰ বাবে বেংক একাউণ্ট খুলিছে। ইফালে, মুদ্ৰা যোজনাৰ ৬৮ শতাংশ হিতাধিকাৰী হৈছে মহিলা আৰু ষ্টেণ্ড-আপ ইণ্ডিয়াৰো ৮০ শতাংশ হিতাধিকাৰী মহিলা।

উল্লেখ্য যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইয়ে তেওঁৰ ভাষণত মন্ত্ৰালয়ৰ তিনিটা বিশেষ আঁচনি ক্ৰমে পোষণ, মিছন শক্তি আৰু মিছন বৎসল্যৰ ওপৰত আলোকপাত কৰে। দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত মাণ্ডলিক সন্মিলন সন্দৰ্ভত তেওঁ কয় যে এই চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে আৰু এই মাণ্ডলিক সন্মিলনসমূহৰ উদ্দেশ্য হৈছে অহা ৫ বছৰত আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ সুবিধাৰ বাবে মন্ত্ৰালয়ৰ সংশ্লিষ্ট ৩ টা অভিযানৰ ওপৰত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল তথা প্ৰশাসনক সজাগ কৰি তোলা।

আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকে। নেওগে তেওঁৰ ভাষণত শিশু আৰু মহিলাৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে। অসম চৰকাৰ ৰাজ্যখনত মহিলা আৰু শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.