বজাৰত শাক-পাচলিৰ দাম প্ৰতিদিনেই হৈছেগৈ ঊৰ্ধ্বমুখী

এফালে বানত তচনচ কৃষকৰ খেতি পথাৰ। নষ্ট বিঘাই বিঘাই খেতি। নিয়ন্ত্ৰণহীন ঔষধ আৰু সাৰৰ দাম। উৎপাদন স্লীত নাই পাচলিৰ মূল্য। আনফালে গ্ৰাহকৰ মূৰত ৰাম টাঙোন। বজাৰত শাক-পাচলিৰ আকাশলংঘী মূল্য। পাইকাৰী বজাৰত পোৱা নাই কৃষকে উচিত মূল্য। আনফালে খুচুৰা বজাৰত সৰ্বস্বান্ত গ্ৰাহক। গুৱাহাটীৰ বজাৰত ৮০ টকাৰ তলত নাই একোৱেই পাচলি। তথাপিসুখ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ। কোনো প্ৰতিক্ৰিয়াই নাই যোগান বিভাগৰ। শাক-পাচলিৰ বজাৰত একপ্ৰকাৰ জুই লাগিছে। মাধমাৰ পৰিছে সাধাৰণ ৰাইজৰ ওপৰত। বজাৰলৈ মোনাখন লৈ ওলাই গ’লে পকেট খালী হ’লেও মোনা ভৰ্তি নহয়। কি কৰিব সাধাৰণ মধ্যবিত্ত লোকসকলে। নিস্ক্ৰিয় নিষ্কৰ্মা যোগান বিভাগৰ ওপৰত আস্থা হেৰুৱাইছে সাধাৰণ ৰাইজ তথা খাটি খোৱা কৃষকে। নগাঁওৰ জুৰীয়া বজাৰতো একেই পৰিৱেশ। কেমেৰাৰ সন্মুখত কৃষকে ক’লে, চৰকাৰে সহায় নকৰিলে আমি মৰিব লাগিব।

জুৰীয়া বজাৰত
প্ৰতি কেজি বেঙেনাত ২৫ টকা
ভেণ্ডী: ২০ টকা
ধুন্দুলী: ১৬ টকা
পটল: ১২/১৩ টকা
শ্বিলং আলু: ৩৫ টকা
নেমু প্ৰতি হালি: ১০/১২ টকা

আনহাতে বৰপেটাৰোড বজাৰত খুচুৰা বজাৰৰ তুলনাত পাইকাৰী মূল্যৰ যথেষ্ট পার্থক্য দেখা গৈছে।
প্ৰতি কেজি জিকা: ৩০-৪০ টকা
প্রতিটো নেমু: ০.৫০ পইচা
পতল: ২০/২৫কিলো
তিয়ঁহ: ৩০/৪০কিলো
লেচেৰা: ১৫/২০কিলো
ভাত কেৰেলা: ৩০/৪০কিলো
বেঙেনা:১৫/২০কিলো
ভেন্দি: ২৫/৩০কিলো
ভুক্তভোগী কৃষকে ক’লে, ‘যথেষ্ট সমস্যাত পৰিছো। ইমান কম মূল্যত পাচলি বিক্ৰী কৰিবলৈ হ’লে আমি নিগমে মৰিব লাগিব।’

এতিয়া প্ৰশ্ন হয় এইবোৰ দেখি শুনি কিয় নিমাত বিয়াগোম যোগান বিভাগ। কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই হাড়ক পানী কৰি কৃষি কৰা খেতিয়কৰ বাবে। একাংশ মধ্যভোগীৰ বাবেই সৰ্বস্বান্ত হৈছে কৃষক লগতে গ্ৰাহক। উৎপাদনস্থলীত পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ কৃষকৰ। আনহাতে পাচলি অধিক দৰত ক্ৰয় কৰি সৰ্বস্বান্ত গ্ৰাহক। কি হ’ব ইয়াৰ সমাধান? কেতিয়া সাৰ পাব যোগান বিভাগ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...