মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক? পুনেৰ হাইপ্ৰফাইল কেতন আগৰৱাল হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ। সময় বাগৰাৰ লগে লগে নতুন মোৰ লৈছে দেশ কঁপোৱা পুনেৰ হত্যাকাণ্ডই। আৰক্ষীৰ জিম্মাত থকা মূল অভিযুক্ত ছিয়া আৰু চেতনে বাৰে বাৰে সলাইছে নিজৰ ভাষ্য।
আংশিকভাৱে তপা আছিল কেতন। সৰু এটা উইগ ব্যৱহাৰ কৰিছিল কেতনে। ইয়াৰোপৰি কথা কওতেও লাগি ধৰিছিল কেতনৰ। অৰ্থাৎ কেতন আছিল খোনা। পৰিয়ালৰ হেচাত কেতনৰ সৈতে বাগদান প্ৰক্ৰিয়া সম্পন্ন কৰিলেও কেতনক পচন্দ কৰা নাছিল ছিয়াই।
মূৰত কম চুলি থকাটোৱেই যেন কাল হৈছিল কেতনৰ বাবে! আৰক্ষীৰ জিম্মাত থকা ছিয়াই এই কথাটোকে ঢাল হিচাপে ব্যৱহাৰ কৰি কৈছে যে তাই এজন মূৰত চুলি নথকা আৰু খোনা ল’ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচৰা নাছিল। যাৰ বাবেই যুৱ ব্যৱসায়ীজনক পথৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল।
সঁচাকৈয়ে কৃত্ৰিম চুলিৰ বাবেই হত্যা কৰা হৈছিল নেকি কেতনক? ছিয়াৰ এই দাবীক নস্যাৎ কৰিছে কেতনৰ পিতৃয়ে। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিশক সাক্ষাতৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত বিশাল আগৰৱালে কয় যে ‘‘কেতনে যে উইগ ব্যৱহাৰ কৰিছিল সেই কথা কথা বহু আগতেই ছিয়া গোৱেল আৰু তেওঁৰ পৰিয়ালক স্পষ্টকৈ জনোৱা হৈছিল। যদি ছিয়াই কেতনক পছন্দ কৰা নাছিল তেন্তে জনাব লাগিছিল। কেতনক এনেকৈ হত্যা কৰাৰ কি প্ৰয়োজন আছিল।’’
পৰীক্ষা কৰা হৈছে ছিয়া আৰু কেতনৰ মোবাইলৰ বাৰ্তালাপ। আৰক্ষীয়ো জনোৱা অনুসৰি ছিয়া আৰু কেতনৰ মাজত আছিল এক মধুৰ প্ৰেমৰ সম্পৰ্ক। আৰক্ষীৰ মতেও কেৱল চুলিৰ বাবেই সংঘটিত হোৱা নাই এই হত্যাকাণ্ড। এয়া আছিল এক পৰিকল্পিত হত্যাকাণ্ড। য’ত জড়িত আছিল ছিয়া গোৱেল আৰু চেতন চৌধুৰী। কিন্তু কেতনৰ বাগদত্তা ছিয়া গোৱেল আৰু প্ৰেমিক চেতন চৌধুৰীয়ে হত্যাকাণ্ডৰ দোষ এজনে আনজনলৈ থেলিবলৈ চেষ্টা কৰিছে। চেতনৰ মতে কেতনক হত্যা কৰাৰ পৰিকল্পনা আছিল ছিয়াৰহে। ছিয়াৰ পৰিকল্পনা মতেই সংঘটিত হৈছিল সমগ্ৰ ঘটনা। আনফালে ছিয়াইও নিজৰ দোষ চেতনলৈ থেলি দিয়াৰ চেষ্টা কৰিছে।
ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ
