গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক। বনভোজ খাবলৈ গৈ গো মাংস কাটি সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰিছিল যুৱককেইজনে। ঘটনা সন্দৰ্ভত হাতীগাওঁ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ। সেই গোচৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। কামৰূপ আৰক্ষীৰ সহযোগত ছয়গাঁৱৰ আছলপাৰাৰ পৰা আটক কৰা হয় ৬ জনকৈ যুৱকক। ধৃত যুৱককেইজন ক্ৰমে চাহিল খান, হাফিজুৰ ইছলাম, ৰকিবুল হুছেইন, চাহিদুল ইছলাম, ইজাজ খান আৰু জাহিদুল ইছলাম। কামৰূপৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ সৈতে আৰু অধিক ব্যক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আৰক্ষীৰ জেৰাৰ পিছতহে পোহৰলৈ আহিব অধিক তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...