শিৱসাগৰত থলগিৰি ৰাইজৰ গৰ্জন

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ
শিৱসাগৰত থলগিৰি ৰাইজৰ গৰ্জন
বহিৰাগত অপশক্তিক চূড়ান্ত সকীয়নি
ইয়াৰ পিছত আৰু নহ’ব গণতান্ত্ৰিক সংগ্ৰাম


বহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে সোমবাৰে উত্তাল হৈ পৰিল ঐতিহাসিক শিৱসাগৰ চহৰ। ৩০টাকৈ জাতীয় আৰু জনগোষ্ঠীয় দল–সংগঠনৰ নেতৃত্ব বহিৰাগতৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা। হাজাৰ-হাজাৰ প্ৰতিবাদী জনতা সমবেত হ’ল ঐতিহাসিক শিৱদৌলৰ সন্মুখত। শিৱদৌলত সেৱা লৈ আৰম্ভ হ’ল প্ৰতিবাদী সমদল। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বিশাল সমৰসজ্জাৰ বিপৰীতে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা ৰাইজ গৰজি উঠিল বহিৰাগত বনিয়াৰ অতপালিৰ বিৰুদ্ধে।

শিৱসাগৰৰ মাজমজিয়াৰ বাবুপট্টিত ১৩ আগষ্টত সংঘটিত হৈছিল এক অপ্ৰত্যাশিত ঘটনা। কেইটামান বহিৰাগতৰ হাতত লাঞ্চিতা হৈছিল এগৰাকী অসমীয়া নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। ৰাষ্ট্ৰীয় স্বৰ্ণজয়ী খেলুৱৈগৰাকীক শ্লীলতা হানিৰ লগতে শাৰীৰিক আক্ৰমণ কৰিছিল এদল বহিৰাগতই। ইতিমধ্যে নিৰ্যাতিতাৰ মাতৃৰ এজাহাৰৰ ভিত্তিত কাৰাগাৰৰ আলহী হৈছিল মূল অভিযুক্ত অৰুণ লাহতী আৰু মনীষ পোদ্দাৰ। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে ক্ষোভিত খিলঞ্জীয়াই সোমবাৰে সাব্যস্ত কৰে এই বিশাল প্ৰতিবাদ। ইয়াৰ পূৰ্বেই বহিৰাগত দুস্কৃতিকাৰীৰ এনে গৰ্হিত কাৰ্য্য বিৰুদ্ধে ১৬ আগষ্টত অনুষ্ঠিত হৈছিল ৩০টা জাতীয় সংগঠনৰ আহ্বানত এখন ৰাজহুৱা সভা। এই সভাতে বহিৰাগতসকলৰ বিৰুদ্ধে লোৱা হৈছিল ১০টা বৃহৎ‍ প্ৰস্তাৱ। বহিৰাগত দল-সংগঠন নিষিদ্ধ কৰা হৈছিল শিৱসাগৰত। নিষিদ্ধ কৰা হৈছিল বহিৰাগতক মাটিৰ বিক্ৰী। কিন্তু ৩০ সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগন্য সংখ্যক বহিৰাগত ব্যৱসায়ী। আৰু সেইবাবেই বহিৰাগতক সকীয়নি দিয়া তথা ৰজাঘৰীয়া দৃষ্টি আকৰ্ষণৰ বাবেই সোমবাৰে শিৱসাগৰত বাহিৰ বৃহৎ‍ প্ৰতিবাদী মিছিল। প্ৰতিবাদৰ নেতৃত্ব দিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ।

প্ৰতিবাদকাৰী দল–সংগঠনৰ স্পষ্ট কথা যেতিয়ালৈ অসমীয়া অসমত সুৰক্ষিত নহ’ব অব্যাহত থাকিব এই সংগ্ৰাম। শিৱসাগৰত আৰম্ভ হোৱা এই সংগ্ৰাম লাহে লাহে সমগ্ৰ অসমলৈ বিয়পাই নিয়াৰ হুংকাৰ। প্ৰতিবাদকাৰীৰ মন্তব্য শেহতীয়াকৈ এক ৰাজনৈতিক শক্তিয়ে অসমীয়া–অনাঅসমীয়াৰ যুঁজ লগোৱাৰ চেষ্টা চলাইছে। এনে অপশক্তিকো কঠোৰ সকিয়নী শিৱসাগৰৰ ৰাইজৰ।

প্ৰতিবাদলৈ ওলাই আহি আক্ষেপ প্ৰকাশ শিৱসাগৰীয়া ৰাইজৰ। দীৰ্ঘদিনৰে পৰা শান্তি-সম্প্ৰীতিৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে বসবাস কৰি আহিছে শিৱসাগৰত। কিন্তু অসমতে থাকি অসমৰে হাৱা-পানী খাই যদি অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱাৰ চেষ্টা চলায় সেয়া কেতিয়াও মানি লোৱা নহ’ব। প্ৰতিবাদকাৰীৰ বহিৰাগত সকলক প্ৰত্যাহ্বান – জ্যোতি প্ৰসাদ আগৰৱালাকো জীয়াই ৰাখিছে অসমীয়াই। তেনেস্থলত এই বিভেদকামী মনোবৃত্তি কিয়?

অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ দাবীৰে সাব্যস্ত কৰা এই বিশাল প্ৰতিবাদৰ পিছত ৩০টা সংগঠনৰ আন এক বৃহৎ‍ সিদ্ধান্ত। শিৱসাগৰৰ অনাঅসমীয়া ব্যৱসায়ীসকলে তামোল-পান লৈ শিৱসাগৰৰ ৰাইজক খুজিব লাগিব ৰাজহুৱা ক্ষমা। ক্ষমা নোখোজা পৰ্যন্ত বন্ধ ৰাখিব লাগিব নিজ-নিজ ব্যৱসায়িক প্ৰতিষ্ঠান।

অসমীয়া জীয়ৰীৰ গাত হাত দিয়া অভিযুক্তৰ কঠোৰতম শাস্তিৰ দাবীতো সৰৱ হ’ল প্ৰতিবাদকাৰীসকল। উত্তেজিত জনতাৰ বজ্ৰ নিনাদত একপ্ৰকাৰ স্তব্ধ হৈ পৰিল সমগ্ৰ শিৱসাগৰ। বহিৰাগতৰ বিৰুদ্ধে খিলঞ্জীয়াৰ এই ৰণ হুংকাৰৰ পিছত পৰিস্থিতি কি পৰ্যায়লৈ যায় সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...