মহানগৰীত সোমবাৰে বাহন চলাচলক লৈ নতুন নিৰ্দেশনা

মহানগৰীত সোমবাৰে বাহন চলাচলক লৈ নতুন নিৰ্দেশনা। চাইকেল ফেক্টৰীৰ ফ্লাই অভাৰৰ কামৰ সম্প্ৰসাৰণৰ বাবে পথ পৰিৱৰ্তন । বিৰুবাৰী তিনিআলি পইণ্টৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ হ’ব ৱান ৱে । আৰ্য নগৰৰ পৰা অহা বাহন বিৰুবাৰী তিনিআলিহৈ বৰ্ষাপাৰা অভিমুখে যাত্ৰাৰ অনুমতি । কাম সম্পূৰ্ণ হোৱাৰ পিছত বিৰুবাৰী পইণ্টৰ পৰা চাইকেল ফেক্টৰীলৈ যাতায়াত খুলি দিয়া হ’ব। লালগণেশৰ পৰা চাইকেল ফেক্টৰী দিশলৈ অহা যান-বাহন বৰ্ষাপাৰা ষ্টেডিয়ামৰ মুখেৰে ধীৰেনপাৰা তিনিআলিলৈ যাব লাগিব। তাৰ পৰা বাহনসমূহে ৰাষ্ট্ৰীয় ঘাইপথ অথবা আমবাৰী তিনিআলিলৈ আহিব পাৰিব। যান-বাহন শাখাৰ উপ-আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...