বিশ্বজুৰি প্ৰাদুৰ্ভাৱ ঘটিছে ভয়াৱহ মাংকী পক্স ভাইৰাছৰ

মাংকী পক্সৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱক লৈ শংকিত হৈ পৰিছে বিশ্ববাসী। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে এই ভাইৰাছৰ সংক্ৰমণে। পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি বিশ্বস্বাস্থ্য সংস্থাই ইতিমধ্যে বিশ্বজুৰি জৰুৰী অৱস্থা ঘোষণা কৰিছে। ইয়াকে লৈ ২ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মাংকী পক্স ভাইৰাছৰ সংক্ৰমণক লৈ গ্লবেল হেল্থ ইমাৰ্জেন্সি ঘোষণা কৰে বিশ্ব স্বাস্থ্য সংস্থাই। প্ৰতিবেদন অনুসৰি সম্প্ৰতি বিশ্বৰ ১২২খনৰো অধিক দেশত মাংকী পক্স ভাইৰাছৰ সংক্ৰমণ ঘটিছে। অতি সংক্ৰামক এই ভাইৰাছক লৈ সমগ্ৰ বিশ্বৰ জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ। ইয়াক লৈ সচেতনতা সৃষ্টিৰ উদ্দেশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত জৰুৰী অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। বৰ্তমানলৈকে কেৱল আফ্ৰিকাতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ১৭ হাজাৰৰো অধিক লোক। ক্ৰমাৎ দ্ৰুত গতিত মাংকী পক্স ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে বিশ্বৰ অন্যান্য দেশসমূহতো। বৰ্তমানলৈকে মাংকী পক্স ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৫১৭জন লোকে মৃত্যুক সাবটি লৈছে। ‍বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে এইবাৰ কংগোৰ পৰা সংক্ৰমণ আৰম্ভ হৈছে মাংকী পক্স ভাইৰাছৰ। ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি ৯৯ হাজাৰৰো অধিক লোক সংক্ৰমিত হৈছে মাংকী পক্স ভাইৰাছৰ দ্বাৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...