শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক বি আৰ আম্বেদকাৰ আদৰ্শ সন্মান

শিৱসাগৰত ভাৰত ৰত্ন, সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰ “আদৰ্শ সন্মান”২০২২ বৰ্ষৰ বিশেষ সন্মান প্ৰদান অনুষ্ঠান সম্পন্ন। সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত সংবিধানৰ প্ৰণেতাগৰাকীৰ মহাপ্ৰয়াণৰ দিনটোৰ লগত সংগতি ৰাখি এই বিশেষ সন্মান প্ৰদান কৰা হয়।

শিৱসাগৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্য’ৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক ভাৰতৰত্ন ড০ ভীমৰাও আম্বেদকাৰ “আদৰ্শ সন্মান”২০২২ বৰ্ষৰ সন্মান প্ৰদান কৰা হয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদ পৰশজ্যোতি দাস আৰু শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে শিৱসাগৰৰ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...