বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক। দীৰ্ঘদিনীয়া প্ৰেমিকাৰে সংসাৰৰ পাতনি মেলিলে কণ্ঠশিল্পীজনে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বিয়াৰ ধুনীয়া-ধুনীয়া ফটো।

“মে ৰহু য়া না ৰহু”, “জব টক তেৰে চাথ মে”ৰ দৰে একাধিক জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে আৰমান মালিকে। সুৰীয়া সংগীতেৰে অনুৰাগীৰ হৃদয়ত ঘৰ সাজিছে আৰমান। ২০২৫ৰ আৰম্ভণিতে সংসাৰিক জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পীজনে।

২ জানুৱাৰীত প্ৰেমিকা আছনা শ্ৰফৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আৰমান। এক সুন্দৰ পৰিৱেশত বিবাহপাশত আবদ্ধ হয় প্ৰেমিকযুগল। ৬টা বছৰ ভালপোৱাৰ বান্ধোনেৰে বান্ধ খাই আছিল আৰমান-আছনা। ২০২৩ৰ আগষ্ট মাহত সম্পন্ন হৈছিল দুয়োৰে বাগদান

শেহতীয়াকৈ এক অকৃত্ৰিম-ৰোমান্টিক পৰিৱেশত বিবাহপাশত আৱদ্ধ হ’ল আৰমান-আছনা। দৰা-কইনাৰ সাজত যথেষ্ট ধুনীয়া দেখা গৈছিল প্ৰেমিকযুগলক। দৰাৰ পিন্ধনত পাতল গোলাপী ৰঙৰ শ্বেৰৱানী

অন্যহাতে কইনাৰ পিন্ধনত পাতল গোলাপী ৰঙৰ দোপাট্টাৰ সৈতে কমলা ৰঙৰ লেহেংগা। বিশেষ দিনটোৰ একাংশ ফটো নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আৰমান মালিকে। ফটো শ্বেয়াৰ কৰি আৰমানে লিখিছে, ‘তু হি মেৰা ঘৰ’। পৰিয়ালৰ সদস্য আৰু একাংশ ঘনিষ্ঠ বন্ধুৰ উপস্থিতিতে বিবাহ সম্পন্ন হ’ল আৰমান-আছনাৰ। প্ৰেমিকযুগলৰ বিয়াত মনোৰঞ্জন আৰু প্ৰভাৱশালী উদ্যোগৰ লোকৰ উপস্থিতি আছিল সেৰেঙা। আধুনিক সংমিশ্ৰণৰ বিপৰীতে পৰম্পৰাগত ৰীতি-নীতিকহে অধিক গুৰুত্ব দিয়া দেখা গ’ল আৰমান মালিকৰ বিয়াত।

অনুৰাগীৰ মাজত সদায় প্ৰশংসিত হৈ আহিছে আৰমান আৰু আছনাৰ সম্পৰ্ক। সামাজিক মাধ্যমতো যথেষ্ট জনপ্ৰিয় দুয়োৰে সম্পৰ্ক। প্ৰেমিকযুগলে বিয়াৰ কথা ঘোষণা কৰাৰ লগে-লগেই অভিনন্দন বাৰ্তাৰে উপচি পৰিল আৰমানৰ কমেণ্ট ছেকশ্যন। জনপ্ৰিয় কণ্ঠশিল্পীজনলৈ আমিও জনাইছো বৈবাহিক জীৱনৰ অলেখ শুভকামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...