কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত প্ৰকাণ্ড বিস্ফোৰণ!

কেৰালাৰ উপকূলত ছিংগাপুৰৰ পণ্যবাহী জাহাজত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। খবৰ পোৱাৰ লগে লগে ভাৰতীয় নৌসেনা তৎপৰ হৈ পৰিছে। ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ভাৰতীয় যুদ্ধজাহাজ INS SURAT। লগতে নৌসেনাৰ বিমানো পঠিওৱা হৈছে।

চি শিকাৰ হোৱা ছিংগাপুৰৰ পণ্যবাহী জাহাজৰ নাম এমভি ৱান হাই ৫০৩। সংবাদ সংস্থা PTIৰ মতে, ২৭০ মিটাৰ দৈৰ্ঘ্যৰ এই জাহাজখন ৭ জুনত শ্ৰীলংকাৰ কলম্বোৰ পৰা মুম্বাইৰ উদ্দেশ্যে ৰাওনা হৈছিল। জাহাজখন ১০ জুন অৰ্থাৎ মঙলবাৰে মুম্বাইত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতেই কেৰালাৰ উপকূলl এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, সোমবাৰ পুৱা ১০:৩০ বজাত মুম্বাইৰ মেৰিটাইম অপাৰেশ্যনছ চেণ্টাৰে ছিংগাপুৰৰ জাহাজখনত বিস্ফোৰণৰ খবৰ লাভ কৰে। তেওঁলোকে এই তথ্য কোচিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। তাৰ পিছতেই ভাৰতীয় নৌসেনাই তৎপৰ হৈ পদক্ষেপ গ্ৰহণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে, খবৰ পোৱাৰ লগে লগে ভাৰতৰ যুদ্ধজাহাজ INS SURATক ঘটনাস্থলীলৈ পঠিওৱা হয়। জাহাজখন পূৰ্বতে কোচিলৈ আহি আছিল। লৰালৰিকৈ এই যুদ্ধজাহাজক কেৰালাৰ উপকূলৰ বিস্ফোৰণস্থলীলৈ পঠোৱা হয়। ইয়াৰ সমান্তৰালকৈ কোচিৰ নৌসেনা ঘাটিৰ পৰা এখন নৌসেনাৰ বিমানো ঘটনাস্থললৈ পঠিওৱা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ আৰু প্ৰয়োজন হ’লে উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ এই বিমান পঠিওৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...