পৰাজয়ৰ নিশা শক্তিশালী হৈ উভতি অহাৰ প্ৰতিশ্ৰুতি শ্ৰেয়াছৰ

IPLৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ লগতে বিৰাট কোহলী নামৰ নক্ষত্ৰৰ জ্যোতিৰ আঁৰত প্ৰচাৰৰ পৰা আঁতৰত ৰৈছে শ্ৰেয়াছ আয়াৰ। আই পি এলৰ ৰানাৰ্ছ আপৰ ট্ৰফী লৈ মঞ্চৰ পৰা শুকান মুখেৰে নামি অহাৰ পিছত তেওঁক আৰু দেখা নগ’ল। তথাপি মঞ্চ ত্যাগ কৰাৰ আগতে প্ৰত্যয়ী শ্ৰেয়াছে কৈছিল, অহা বছৰ তেওঁ ট্ৰফী জয় কৰিব।

আই পি এলত শ্ৰেয়াছৰ সফলতা কম নহয়। তিনিটা দলৰ অধিনায়ক হিচাপে ফাইনেল খেলাৰ কৃতিত্ব কেৱল তেওঁৰেই। দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছক চেম্পিয়ন কৰিব নোৱাৰিলেও, যোৱা বছৰ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছক ট্ৰফী উপহাৰ দিছিল। অহা বছৰ আকৌ জয়ৰ লক্ষ্য তেওঁৰ। পঞ্জাবক প্ৰথম আই পি এল ট্ৰফী দিয়াৰ সপোন তেওঁৰ। ট্ৰফী আৰু ১২.৫ কোটি টকাৰ চেক গ্ৰহণ কৰি পঞ্জাবৰ অধিনায়কে কৈছে, “সঁচাকৈয়ে ভীষণ হতাশ অনুভৱ হৈছে। তথাপি এনে ডাঙৰ প্ৰতিযোগিতাত দলৰ সকলোৱে যি ধৰণে খেলিছে, তাৰ প্ৰশংসা কৰিবই লাগিব। আমাৰ মেনেজমেণ্ট, ছাপোৰ্ট স্টাফ, দলৰ সৈতে জড়িত প্ৰত্যেকৰে গুৰুত্বপূৰ্ণ অৱদান আছে। এই যাত্ৰাত সকলোৱে সক্ৰিয়ভাৱে আমাৰ সৈতে আছিল। তেওঁলোকৰ সমৰ্থন অবিশ্বাস্য।”

শ্ৰেয়াছে কয়, “আমি অৰ্ধেক কাম সম্পন্ন কৰিছো। অহা বছৰ আমি ট্ৰফী জয় কৰিব বিচাৰো। আমাৰ বহুত ইতিবাচক দিশ আছে। দলত বহুত তৰুণ ক্ৰিকেটাৰ আছে, যিসকলে এইবাৰ প্ৰথমবাৰৰ বাবে আই পি এল খেলিছে। তথাপি তেওঁলোকে নিৰ্ভীক ক্ৰিকেট খেলিছে। অসাধাৰণ। তেওঁলোকে এইবাৰ অভিজ্ঞতা লাভ কৰিলে। মই নিশ্চিত যে, অহা বছৰ তেওঁলোক আৰু অধিক শক্তিশালী আৰু আত্মবিশ্বাসী হৈ উভতি আহিব।”

ট্ৰফী জয় কৰিব নোৱাৰি শ্ৰেয়াছ হতাশ। কিন্তু দলৰ খেলাত অসন্তুষ্ট নহয়। পঞ্জাবৰ অধিনায়কজনে কৈছে, “এই বছৰ আমি যথেষ্ট ভাল ক্ৰিকেট খেলিছো। কেতিয়াবা প্ৰত্যাশিত ফলাফল পোৱা নাছিলো। খেলত ভাল-বেয়া থাকেই। আমাৰো আছিল। কিন্তু সামগ্ৰিকভাৱে এইবাৰ আমাৰ প্ৰদৰ্শন সন্তোষজনক। দলৰ ঐক্য অসাধাৰণ। সকলোৱে মিলি যুঁজিছো। এইটোৱেই শেষ নহয়। আমি অৱশ্যেই ঘূৰি আহিম।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...