অভিনেত্ৰী দিশা পাটানীৰ ঘৰত দুৰ্বৃত্তৰ গুলীচালনা

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী দিশা পাটানী। শেহতীয়াকৈ বলীউডৰ Yuddha ছবিখনত দেখা গৈছে দিশাক। ছবিখনত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়েৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে দিশা পাটানীয়ে। এইগৰাকী অভিনেত্ৰীৰ ঘৰতেই শুকুৰবাৰে প্ৰায় ৩.৩০ বজাত চলিল দুৰ্বৃত্তৰ আক্ৰমণ।

অভিনেত্ৰী দিশা পাটানীৰ বৰেলীৰ ঘৰত দুৰ্বৃত্তৰ গুলীচালনা। দিশাৰ ঘৰলৈ লক্ষ্য কৰি কেইবাজাঁই গুলী নিক্ষেপ দুৰ্বৃত্তৰ। বাইক আৰোহী দুই দুৰ্বৃত্তই সংঘটিত কৰিছে এই কাণ্ড। ছ’চিয়েল মিডিয়াত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ ৰোহিত গোদাৰা আৰু গোল্ডি ব্ৰাৰ গেঙে।

প্ৰেমানন্দ মহাৰাজৰ অপমানৰ প্ৰতিশোধ ল’বলৈ এই আক্ৰমণ কৰা বুলি দাবী গেংষ্টাৰৰ। প’ষ্টটোৰ ভিত্তিতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বৰেলী আৰক্ষীয়ে। আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা।

দিশাৰ পিতৃ জগদীশ পাটানী এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। পাটানীৰ বাসগৃহত এই আক্ৰমণৰ পাছতে সষ্টম হৈছে বৰেলি আৰক্ষী। ঘটনাৰ পাছতে পাটানী পৰিয়ালৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। পাঁচটাকৈ সশস্ত্ৰ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে অভিনেত্ৰীগৰাকীৰ বাসগৃহত। শেহতীয়াকৈ প্ৰেমানন্দ মহাৰাজৰ ওপৰত এটা মন্তব্য কৰিছিল দিশাৰ ভগ্নী খুছবু পাটানীয়ে। খুছবু পাটানীয়ে কৰা মন্তব্যৰ বাবেই এই গুলীচালনা হোৱাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে এই গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা নাই কোনো লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...