হাতীগাঁৱৰ নাহৰণি পথত ছুৰিকাঘাতৰ শিহৰণকাৰী ঘটনা

তেজৰ টোপাল লাগি থকা জোতা-হেলমেট ৰাস্তাত
GMCHত মৃত্যু হ’ল মৰাণৰ মৌচুমী গগৈৰ
মৌচুমীক আক্ৰমণ কৰি নিজকে শেষ কৰাৰ চেষ্টা ভূপেন দাসৰ

এই চিচিটিভি ভিজুৱেল চাই শিহৰিত হব আপুনি। নিজৰ কামৰ বাবে ওলাই যাবলৈ নাহৰণি পথৰ ঘৰ নং ১৪ৰ গেটত এইগৰাকী যুৱতী। বুক কৰি থোৱা ৰেপিডখন আহি পোৱাত উঠিবলৈ লৈছিল যুৱতীগৰাকীয়ে। তেনেতে আহিছিল এখন ছুইফ্ট ডিজায়াৰ। নামি আহিছে এজন যুৱক। প্ৰথমে যুৱতীগৰাকীৰে কিবা কথা পাতিছে যুৱকজনে। এইবাৰ গাড়ীলৈ গৈ আকৌ আহিছে যুৱকজন। তাৰ পাছতে যুৱতীগৰাকীক ছুৰিৰে উপৰ্যুপৰি হানিছে। আক্ৰমণ কৰি গাড়ী লৈ ওলাই গৈছে যুৱকজন। আক্ৰমণকাৰী যুৱকজন ভূপেন দাস। ঘৰ নলবাৰীৰ সৰিয়হতলীত। আক্ৰমণ বলি মৌচুমী গগৈ ডিব্ৰুগড়ৰ মৰাণৰ।

ঘটনাৰ পাছতে ৰক্তাক্ত যুৱতীগৰাকীক লৈ যোৱা হল GMCHলৈ। জি এম চি এইছতেই মৌচুমী গগৈৰ মৃত্যু হ’ল। ইপিনে মৌচুমীক আক্ৰমণ কৰি নিজকো শেষ কৰাৰ চেষ্টা চলালে ভূপেন দাসে। বিষাক্ত দ্ৰব্য খালে, নিজৰ পেটত নিজে হানিলে ভূপেনে। গাড়ীখন জব্দ কৰি আক্ৰমণকাৰী আঘাতপ্ৰাপ্ত ভূপেনকো প্ৰেৰণ কৰা হল GMCHলৈ। ভূপেন দাসো ICUত।

এই ঘটনাৰ পাছতে হাহাকাৰ লাগিল নাহৰণি পথ। উপস্থিত হলগৈ আৰক্ষী। উপস্থিত হলগৈ এছ টি এফৰ ডি আই জি পাৰ্থসাৰথি মহন্তয কিয় এই আক্ৰমণ…কিয় এই ঘটনা…

প্ৰেম প্ৰত্যাখ্যানেই কাল
এমাহ পূৰ্বে নাহৰণি পথা ভাড়া ঘৰ লৈছিল মৌচুমীয়ে
মৌচুমীয়ে কাম কৰিছিল এটা NGOত
ভূপেন পেছাত আছিল উবেৰ চালক
কেইদিনমান পূৰ্বে ভূপেনে হাৰাশাস্তি কৰি থকা বুলি অভিযোগ তুলি
পানবজাৰ থানাত গোচৰ দিছিল মৌচুমী গগৈয়ে
সেই ভূপেনেই সংঘটিত কৰিলে এই ঘটনা
পত্নী আছে
ভূপেন দাস দই সন্তানৰ পিতৃ
তিনি-চাৰিবছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল মৌচুমী গগৈ।
বিশেষ একো নাজানে পিতৃয়ে
দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ
আছে এগৰাকী ৯ বছৰীয়া কন্যা সন্তান
গুৱাহাটীতেই থাকি কাম কৰি আছিল মৌচুমীয়ে। ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে। এই ঘটনাই বহু প্ৰশ্ন উত্থাপন কৰিছে।
সম্পৰ্কত ইমান জটিলতা কিয়
গুৱাহাটীত একেবাৰেই নিৰাপত্ত নাই নেকি

দিন-দুপৰতে এটি সন্তান মাতৃক, দুই সন্তানৰ পিতৃয়ে হানি খুঁচি হত্যা কৰি নিজৰ পেটতো হানি ললে। উদ্বেগজনক এই ঘটনা। এই ঘটনাই জোকাৰি গৈছে গুৱাহাটী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...