চাঞ্চল্যকৰ! কবৰ খান্দি দুৰ্বৃত্তই লৈ গ’ল নৰকংকাল

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে ওদালগুৰি। ঘৰৰ কোনো আচবাব নাইবা গাড়ী-মটৰ নহয়, কবৰ খান্দি দুৰ্বৃত্তই লৈ গ’ল নৰকংকাল। ভূটানৰ সমীপৱৰ্তী ভৈৰৱকুণ্ডৰ আংৰাজুলিৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।কবৰ খান্দি দুৰ্বৃত্তই লৈ যায় ৩টাকৈ নৰকংকাল। নৰকংকালকেইটা আছিল দুজন পুৰুষ আৰু এগৰাকী মহিলাৰ। কবৰ খান্দি নৰকংকালকেইটা কোনে লৈ গ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈছে ভূটান ৰয়েল আৰ্মীও। একাংশৰ সন্দেহ এয়া কোনো তান্ত্ৰিকৰ কাণ্ড! আন একাংশৰ মতে ভূটানৰ লামাই লৈ গৈছে নৰকংকালকেইটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...

উজ্জয়িনীৰ হোটেলৰ ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ গ’ল ৪ কৰ্মচাৰীৰ

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এখন হোটেলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।...

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিত ডিপ্ল’মা আৰু BTech পাঠ্যক্ৰম আৰম্ভ কৰিব IIT গুৱাহাটীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন...