লোমহৰ্ষক! দুৰ্বৃত্তই ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰিলে এজনক

মহাৰাষ্ট্ৰৰ পুনেত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। পুনেৰ নানপথ অঞ্চলত নিজৰ ঘৰৰ সন্মুখতে বাইকেৰে অহা ১২জন দুস্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰি থৈ গ’ল পুনে মিউনিচিপাল কৰ্পৰেশ্যনৰ প্ৰাক্তন কাউন্সিলৰ বনৰাজ আন্দেকাৰক। ঘটনাৰ সময়ত বিদ্যুৎ সৰবৰাহ বন্ধ আছিল অঞ্চলটোত। আন একাংশ লোকৰ সৈতে ঘৰৰ বাহিৰতে থিয় হৈ আছিল প্ৰাক্তন কাউন্সিলৰ আন্দেকাৰ। সেই সময়তে ৬খন বাইকেৰে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোৱে নিৰ্বিচাৰে তেওঁলৈ গুলীবৰ্ষণ কৰে। লগে লগে বনৰাজ আন্দেকাৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে যদিও পিছে পিছে খেদি গৈ ঘৰৰ ভিতৰতো তেওঁলৈ গুলীবৰ্ষণ কৰে দলটোৱে। সংকটজনক অৱস্থাত তেওঁক স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় CCTVত। NCPৰ অজিত পাৱাৰ গোটৰ নেতা আছিল বনৰাজ আন্দেকাৰ। ঘটনাৰ পিছতে আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। স্থানীয় আৰক্ষীৰ যুটীয়া আয়ুক্তই প্ৰকাশ কৰা মতে বনৰাজ আন্দেকাৰলৈ ৫ জাঁই গুলী চলোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰেৰেও আঘাত কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনা সংঘটিত কৰাৰ পূৰ্বে দুৰ্বৃত্তৰ দলটোৱে সমগ্ৰ অঞ্চলটোৰ বিদ্যুৎ সৰবৰাহ বন্ধ কৰি দিছিল। ব্যক্তিগত শত্ৰুতাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে প্ৰকাশ কৰে।

Popular

More like this
Related

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...

চাবুৱা আৰক্ষী তদন্তত শিহৰণকাৰী কাহিনী

পত্নী প্ৰহেলিকা বৰুৱাই ৰচনা কৰিছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য...