মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা। প্ৰেম কৰাৰ অপৰাধতেই এজন যুৱকৰ হাত-ভৰি ভাঙি দিয়া হ’ল। এৰুৱাই পেলোৱা হ’ল যুৱকৰ আঙুলিৰ নখ। আহত যুৱকৰ মুখত প্ৰস্ৰাৱ কৰিলে আক্ৰমণকাৰীয়ে। দেহত লগাই দিয়া হ’ল গৰম লোহা। মঙলদৈৰ মোৱামাৰীত নৃশংস আক্ৰমণৰ বলি যুৱকজনৰ নাম সুদেৱ মণ্ডল। মূল খলনায়কৰ ৰূপত প্ৰেমিকাৰ পিতৃ। সহযোগী খলনায়ক ককায়েক আৰু খুড়াক। প্ৰেমিকাৰ পিতৃ বিজেপি নেতা, VDP ৰ সদস্য।

ঘটনা আছিল ১৬ নৱেম্বৰ, শনিবাৰৰ। ৰাস চাবলৈ ওলাই গৈছিল সুদেৱ মণ্ডল। নিশা ঘৰত কোনো নথকা বুলি প্ৰেমিকাই মাতি পঠাইছিল সুদেৱক। প্ৰেমিকাৰ ঘৰত উপস্থিত হোৱাৰ পিছতে সুদেৱক আৱদ্ধ কৰি লয় প্ৰেমিকাৰ পৰিয়ালে। তাৰ পিছতেই যুৱকজনৰ ওপৰত দীৰ্ঘ সময় ধৰি চলিল তালিবানী অত্যাচাৰ। প্ৰেমিকাৰ পিতৃ বিজেপি নেতা তথা VDP সদস্য অধৰ মণ্ডল, ককায়েক দেৱজিৎ মণ্ডল আৰু খুড়াক ফালু মণ্ডলে মিলি যুৱকজনক এইদৰে নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ। যুৱকজনক প্ৰথমে গৰুচোৰ সজাব খুজিছিল পৰিয়ালটোৱে। প্ৰেমিকাৰ পৰিয়ালৰ এই তালিবানী অত্যাচাৰ নীৰৱে সহ্য কৰি গৈছিল সুদেৱ মণ্ডলে। প্ৰায় সংজ্ঞাহীন অৱস্থাত পানী বিচাৰোতে পানীও দিয়া নাছিল কোনেও। যুৱকজনৰ ওপৰত চলা এই অত্যাচাৰত স্তম্ভিত হৈ পৰিছে সুদেৱৰ পৰিয়াল। কিবা ভুল কৰিছিল যদি ঘৰত নক’লে কিয়? মাৰপিট কৰাৰ অধিকাৰ কোনে দিলে তেওঁলোকক?

পুত্ৰৰ অৱস্থা দেখি মানসিকভাৱে ভাগি পৰিছে মাতৃ। গুৰুতৰভাবে অসুস্থ যুৱকজনক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে। কিন্তু পিছলৈ তেওঁক এখন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰিত কৰা হয়। বুকুত আহত যুৱকজনৰ মুখেৰে এতিয়াও তেজ নিগৰি আহে। সুস্থ হৈ উঠিবলৈ যুৱকজনক ৩টাকৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন।

১৬ নৱেম্বৰতে সংঘটিত এই ঘটনা সন্দৰ্ভত ২১ নৱেম্বৰত এজাহাৰ দিয়ে সুদেৱৰ পৰিয়ালে। কিন্তু এজাহৰৰ পিছতো গা নলৰিল আৰক্ষীৰ। এসপ্তাহ পিছত শনিবাৰে সুদেৱৰ বাবে ন্যায় বিচাৰি মোৱামাৰীৰ ৰাইজে প্ৰতিবাদ কৰাতহে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। গোচৰ ৰুজু কৰিয়েই ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে মঙলদৈ আৰক্ষীয়ে। কিন্তু প্ৰথম অৱস্থাৰ পৰাই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ সুদেৱৰ পিতৃৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...