নদীত ডুব যোৱা বাহনত উদ্ধাৰ দুটা নৰকংকাল

এটা আধৰৱা প্ৰেম কাহিনী! যি প্ৰেম কাহিনীৰ পৰিসমাপ্তি অতি কৰুণ। শেহতীয়াকৈ সংঘটিত হোৱা এটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এখন নদীৰ পৰা উদ্ধাৰ হ’ল এখন বাহন। আৰক্ষীয়ে বাহনখনৰ পৰা উদ্ধাৰ কৰে দুটাকৈ নৰকংকাল। পিছত পোহৰলৈ আহে যে সেই নৰকংকাল দুটা দেউৰেক আৰু বৌৱেকৰ। কিন্তু কেনেকৈ বাহনখনৰ ভিতৰত উদ্ধাৰ হ’ল দুয়োৰে মৃতদেহ? সন্দেহ কৰা হৈছে যে দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। তেওঁলোকৰ প্ৰেম সফল নোহোৱাৰ বাবেই তেওঁলোকেই আত্মহত্যা কৰে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ কোনো স্পষ্টীকৰণ দিয়া নাই।

এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ মুৰৈনাৰ গোপী গাঁৱত। খবৰ অনুসৰি গাঁওখনৰ একাংশ লোকে কুয়াৰী নদীত এখন ডুব যোৱা গাড়ী দেখে আৰু তাৰ পিছতে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যেতিয়া গাড়ীখন নদীৰ পৰা তুলি আনে তেতিয়াই সকলো আচৰিত হৈ পৰে। কিয়নো গাড়ীৰ ভিতৰত আছিল দুটা নৰ কংকাল।

ছিহোনিয়ান আৰক্ষীৰ মতে, নৰ কংকাল দুটা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। যেপৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে জানিব পাৰে যে এই নৰ কংকাল দুটা দেওৰেক- বৌৱেকৰ। দুয়ো পুৰাৰ বাসিন্দা আছিল। আনফালে গাঁওখনৰ লোকসকলে জনোৱা অনুসৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু বিগত ফেব্ৰুৱাৰী মাহতে ঘৰৰ পৰা নিৰুদ্দেশ হয় দুয়োজন।

তেওঁলোক নিৰুদ্দেশ হোৱাৰ পিছতে ঘৰৰ মানুহে বহু বিচাৰ-খোচাৰ কৰিছিল যদিও তেওঁলোকৰ কোনো সন্ধান নোলাল। দুয়োৰে নিৰুদ্দেশ সন্দৰ্ভত থানাত এজাহাৰো দিছিল পৰিয়ালৰ লোকে। কিন্তু তেওঁলোকৰ একো শুংসূত্ৰ নোলোৱাত পৰিীয়ালৰ লোকে মানি লয় যে দুয়ো পলাই গৈছে। কুৱাৰী নদীৰ জলস্তৰ কমি অহাৰ পিছত যেতিয়া গাঁওবাসীয়ে গাড়ীখন ডুব গৈ থকা অৱস্থাত দেখে তেতিয়াহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, কংকাল কেইটা ৪ মাহ পুৰণি। তেওঁলোকে আত্মহত্যা কৰিছে নে কোনোৱে হত্যা কৰিছে সেয়া তদন্তৰ অন্ততহে জানিব পৰা যাব। আৰক্ষীয়ে কয় যে, শীঘ্ৰেই এই চাঞ্চল্যকৰ ঘটনাৰ মূল কাৰণ পোহৰলৈ আহিব আৰু জানিব পৰা যাব এয়া হত্যা নে আত্মহত্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...