ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা

মুকালমুৱাৰ নদিয়া-পেৰাধৰা চৰত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিক্ষাৰ্থীসহ ৬ জন। সন্ধানহীন হোৱা ৫ জনেই আছিল শিক্ষাৰ্থী। এই দুৰ্ঘটনাত সন্ধানহীন আব্দুল গফুৰ নামৰ এজন স্বাস্থ্যকৰ্মী। কেইবাগৰাকীও যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল আব্দুল গফুৰে। নিজৰ সন্তানৰো প্ৰাণৰক্ষা কৰিছিল লোকজনে। নিৰুদ্দিষ্ট শিক্ষাৰ্থীসকল ক্ৰমে আৰিন আলী, মজিদুল ইছলাম। আন তিনিজন শিক্ষাৰ্থীৰ উদ্ধাৰ হোৱা নাই পৰিচয়। ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে NDRF, SDRF-এ। জল পৰিবহণ বিভাগৰ গাফিলতিৰ বাবেই নাও দুৰ্ঘটনাৰ অভিযোগ। ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে একাংশই। নাওখনত নাছিল কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা। লাইফ জেকেটৰ ব্যৱস্থাও নাছিল নাওখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...