শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীনতাৰ চৰম পৰিণতি

কোন স্কুলত পঢ়াইছে আপোনাৰ সন্তানক? আপোনাৰ সন্তানৰ প্ৰতি দায়িত্বশীল নে স্কুল কৰ্তৃপক্ষ? কণমানি শিশুৰ পিতৃ-মাতৃয়ে বাৰে বাৰে নিজকে সোধক এই প্ৰশ্ন। পঢ়ি থকা স্কুলখনত নিৰাপদে আছেনে আপোনাৰ বুকুৰ আমঠু সন্তানটি? কাৰণ বৃহস্পতিবাৰে শিলচৰৰ কাটিগড়াত যি হ’ল সেয়া মৰ্মন্তুদ, শিহৰণকাৰী। ঈশ্বৰে কোনো শিশুকে এনে মৃত্যু নিদিয়ক। কোনো পিতৃ-মাতৃকে নিদিয়ক এনে বেথা।

বৃহস্পতিবাৰে শিলচৰৰ কাটিগড়াৰ হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কেজি ৱানৰ শ্ৰেণীকোঠাতে অস্বাভাৱিকভাৱে ঢলি পৰিল এটি শিশু। পিছত হাস্পতাললৈ নিয়াৰ পথতে শিশুটিৰ মৃত্যু হয়। দেৱশিশুটি ৫ বছৰীয়া ছাকিব আলম। বৃহস্পতিবাৰে ঘটনা সংঘটিত হোৱা শ্ৰেণীকোঠাৰ CC কেমেৰাত আৱদ্ধ দৃশ্যই জোকাৰি গৈছে সকলোকে।

ভালদৰে মন কৰিব CC কেমেৰাত আৱদ্ধ দৃশ্য। স্বাভাৱিকভাৱেই টিফিন ব্ৰেকত টিফিন খাই আছিল শিশুটিয়ে। টিফিন খোৱাৰ পিছতে তাৰ ডিঙিত কিবা এটা লাগি ধৰিল। সম্ভৱত মাকে মৰমতে টিফিনত সজাই দিয়া খাদ্য বস্তু লাগি ধৰিল তাৰ ডিঙিত। অসুবিধা পালে সি। ডিঙিত হাতেৰে ধৰিলে। কিন্তু প্ৰতি ছেকেণ্ডতে বাঢ়ি গ’ল অসুবিধা। ডিঙিটো হোৱা অসুবিধা আঁতৰাবলৈ সি আপ্ৰাণ চেষ্টা চলালে। উশাহো নোপোৱা হৈ গৈছিল সম্ভৱতঃ। কাষতে বহি থকা অকমাণিটোৰ ছাৰ্টৰ কোলাৰতে খামুচি ধৰিলে সি। কিন্তু লাহে লাহে নোৱাৰা হৈ পৰিল। সহপাঠীৰ ছাৰ্টৰ কলাৰত খামুচি ধৰিয়েই ডেস্কৰ তলত ঢলি পৰিল ৫ বছৰীয়া ছাকিব। মজিয়াত ছটফটাইছিল সি।

CC কেমেৰাত ধৰা পৰা অনুসৰি এই শিহৰণকাৰী ঘটনা সংঘটিত হোৱাৰ সময়ত ক্লাছতে আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী সহায়িকা। কিন্তু দুয়ো আড্ডাত মছগুল হৈ আছিল। ক্লাছৰ শিশুৱে কি কৰিছে, কি খাইছে তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাছিল দুয়োৰে। ছাকিব তেনেদৰে মজিয়াত পৰি থকাত দুই এটি শিশুৱে শিক্ষয়িত্ৰীগৰাকীক জনাইছিলো। কিন্তু নাই, তেওঁলোক আড্ডাত মছগুল হৈ আছিল।

বহু পলমকৈ আন এটি শিশুৱে সহায়িকাগৰাকীক দেখুৱাইছিল মজিয়াত পৰি থকা শিশুটিক। তাৰ পিছতহে সংজ্ঞাহীন শিশুটিক উদ্ধাৰ কৰা হৈছিল। কিন্তু ইতিমধ্যে বহু পলম হৈ গৈছিল।
ইপিনে ঘটনাৰ পিছতে গা বচাই স্পষ্টীকৰণ হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ। শিশুটি হেনো দুৰ্বল আছিল। কাহ আৰু কফৰ সমস্যাতো ভুগি আছিল শিশুটি।

বৃহস্পতিবাৰে নিশা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জানাজা সম্পন্ন হয় ৫ বছৰীয়া দেৱশিশুটিৰ। উপস্থিত ৰাইজৰ এটাই দাবী, স্কুল কৰ্তৃপক্ষৰ এনে হেমাহিৰ তদন্ত হওক। ছাকিব আলমক ন্যায় দিয়ক।

ঘটনাৰ CC কেমেৰাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। জাঙুৰ খাই উঠিছে বৰাক নাগৰিক সংঘ। প্ৰশ্ন এটাই, কেনেকৈ ইমান দায়িত্বজ্ঞানহীন হ’ব পাৰে শিক্ষয়িত্ৰী। কণমানি শিশুৱে বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰাৰ পিছতো কেনেকৈ অৱজ্ঞা কৰিব পাৰে?

পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল ৫ বছৰীয়া মৰমলগা ছাকিব। ঘটনাৰ পাছৰে পৰা অসুস্থ হৈ চিকিৎসাধীন হৈ আছে ছাকিবৰ মাতৃ। হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে শিশুটিৰ পিতৃয়েও। স্কুল কৰ্তৃপক্ষৰ এনে চৰম গাফিলতি আৰু হেমাহিৰ বিৰুদ্ধে এতিয়াও দাখিল কৰা হোৱা নাই এজাহাৰ। এনে ঘটনাত নিজাববীয়া গোচৰ ৰুজুৰ ক্ষমতা থকা আৰক্ষীও ৰহস্যজনকভাৱে মৌন হৈ আছে। কিন্তু কাটিগড়াৰ ৰাইজৰ দাবী– ঘটনাৰ নিৰপেক্ষ তদন্ত হ’ব লাগে। এই ঘটনাই ভয়ংকৰভাৱে উদঙাই দিছে একাংশ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ প্ৰকৃত স্বৰূপ। এয়া উদ্বেগজনক আৰু চিন্তনীয়। এই ঘটনাক কোনেও সহজভাৱে নল’ব। কাইলৈ আপোনাৰ সন্তানো বলি হ’ব পাৰে এনে আড্ডাবাজ শিক্ষয়িত্ৰীৰ হেমাহিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...