চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন যুৱকে। যোৰহাটৰ চন্দন নগৰত দেওবাৰে নিশা সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। বিহু চাই উভতি অহাৰ পৰতে একাংশ যুৱকে আক্ৰমণ কৰিছিল বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজন। এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ গৈছিল বেদাংগক। আক্ৰমণকাৰী দলটোৰ নেতৃত্বত আছিল জনৈক ৰিজু নামৰ যুৱকজন। পৰৱৰ্তী সময়ত যুৱকজনক মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু আজি পুৱা মৃত্যু হয় বেদাংগ ভূষণ বৰুৱাৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আত্মীয়ই। দুটা পক্ষৰ কাজিয়া ভাঙিবলৈ গৈছিল মৃত্যু হোৱা যুৱকজনে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...