চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন যুৱকে। যোৰহাটৰ চন্দন নগৰত দেওবাৰে নিশা সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। বিহু চাই উভতি অহাৰ পৰতে একাংশ যুৱকে আক্ৰমণ কৰিছিল বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজন। এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ গৈছিল বেদাংগক। আক্ৰমণকাৰী দলটোৰ নেতৃত্বত আছিল জনৈক ৰিজু নামৰ যুৱকজন। পৰৱৰ্তী সময়ত যুৱকজনক মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু আজি পুৱা মৃত্যু হয় বেদাংগ ভূষণ বৰুৱাৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আত্মীয়ই। দুটা পক্ষৰ কাজিয়া ভাঙিবলৈ গৈছিল মৃত্যু হোৱা যুৱকজনে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...