গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট মহানগৰীৰ বেলতলাত যোৱা সোমবাৰে সন্ধিয়া উদ্বোধন কৰা হয়। অসম ৰাজ্যিক বিদ্যুত নিয়ামক আয়োগৰ অধ্যক্ষ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই মহানগৰীৰ প্ৰশান্তি পথত পিকলবল খেলৰ এই অত্যাধুনিক কৰ্টখন উদ্বোধন কৰে। সাংবাদিক-ক্ৰীড়া সংগঠক প্ৰণয় বৰদলৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহন কৰে। অসম পিকলবল সন্থাৰ তত্বাৱধানত দিছপুৰ পিকলবল কচিং চেন্টাৰে এই অত্যাধুনিক কৰ্টখন নিৰ্মাণ কৰি উলিয়াইছে। চেন্টাৰটোৰ ক’ৰ কমিটীৰ সদস্য অৰূপ জ্যোতি দাসে আত ধৰা এই অনুষ্ঠানত পিকলবলৰ বিশিষ্ট খেলুৱৈ কৰ্ণেল মৃদুল বৰকাকতি আৰু অসম পিকলবল সন্থাৰ সাধাৰণ সম্পাদক নাজনীন ৰহমানে ভাৰতৰ লগতে আমেৰিকা, ভিয়েটনাম, থাইলেণ্ড আদি দেশত ক্ৰমাত জনপ্ৰিয় হৈ পৰা খেলবিধৰ কাৰিকৰী দিশসমূহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকৰ বাবে এই কৰ্টখন মুকলি থাকিব বুলি দিছপুৰ পিকলবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোক্তাসকলে জানিবলৈ দিছে। আনহাতে টেনিছ, টেবুল টেনিছ আৰু বেডমিন্টনৰ সংমিশ্ৰণত গঢ় লৈ উঠা পিকলবল খেলৰ উন্নত প্ৰশিক্ষণৰ দিহা কৰা হৈছে এই কেন্দ্ৰটোত। এই সন্দৰ্ভত যোগাযোগৰ নম্বৰ হৈছে 7002107600, 9864333499।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...