টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক। পথৰ ওপৰত বাগৰি পৰে টাটা মেজিকখন। খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনা। লেংদং জাঁজীপৰীয়া হুঁচৰি দলৰ প্ৰায় দহ গৰাকী বিহুৱা-বিহুৱতী আহত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক টীয়ক FRUত ভৰ্তি। পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ। দ্ৰুতগতিৰে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনাৰ অভিযোগ। আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে আটক কৰে চালকজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...