দেশত সুৰক্ষিত নহয় নাৰী! কলকাতাৰ পাছত উত্তৰাখণ্ড, ঝাৰখণ্ডত জঘন্য ঘটনা

কলকাতাৰ আৰ.জি কৰ মেডিকেল কলেজৰ ঘটনাই কঁপাই গৈছে দেশ। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ধৰ্ষণ-হত্যাৰ ঘটনাই। কেৱল কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনাই নহয়। এইবাৰ পোহৰলৈ আহিছে দেশত সংঘটিত আন দুটা ধৰ্ষণৰ ঘটনা।

প্ৰথম ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতেই ধৰ্ষণ কৰি হত্যা এগৰাকী নাৰ্চক। উত্তৰ প্ৰদেশৰ সীমান্তত ৯ দিনৰ পিছত উদ্ধাৰ নাৰ্চগৰাকীৰ মৃতদেহ। উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল মৃত নাৰ্চগৰাকী। ১১ বছৰীয়া কন্যাৰ সৈতে উত্তৰ প্ৰদেশ সীমান্তৰ ওচৰত বাস কৰিছিল নাৰ্চগৰাকীয়ে। ৩০ জুলাইৰ সন্ধিয়া চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হৈছিল সেই নৃশংস ঘটনা। ৩০ জুলাইৰ সন্ধিয়া চিকিৎসালয়ৰ পৰা ওলাই গৈছিল নাৰ্চগৰাকী। CCTV ফুটেজত ৰুদ্ৰপুৰৰ ইন্দ্ৰ চকৰ পৰা ই-ৰিক্সা লৈ যোৱা দেখা গৈছিল তেওঁক। কিন্তু উত্তৰ প্ৰদেশৰ বিলাসপুৰৰ কাশীপুৰ ৰোডত থকা তেওঁৰ ভাড়াঘৰত উপস্থিত হোৱা নাছিল নাৰ্চগৰাকী। তাৰ পিছদিনাই তেওঁৰ ভনীয়েকে নিৰুদ্দেশ সন্দৰ্ভ দাখিল কৰিছিল এজাহাৰ। তাৰ আঠ দিনৰ পিছত ৮ আগষ্টত উত্তৰ প্ৰদেশ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ। ডিবদিবা গাঁৱৰ তেওঁৰ ঘৰৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰত এডোখৰ খালী ঠাইত পোৱা গৈছিল মৃতদেহটো। ঘটনা সংঘটিত কৰাৰ অভিযোগত আৰক্ষীয়ে ৰাজস্থানৰ সীমাৰ পৰা গ্ৰেপ্তাৰ কৰিছে বৰেলীৰ ধৰ্মেন্দ্ৰ নামৰ এজন লোকক। এজন দৈনিক মজুৰি কৰা শ্ৰমিক ধৰ্মেন্দ্ৰ সিদিনা আছিল সুৰাত মগন। পথেৰে গৈ থকা নাৰ্চগৰাকীক দেখা পাই চোঁচৰাই নিছিল ধৰ্মেন্দ্ৰই। কাষৰে বাছ আস্থানত ধৰ্ষণ কৰিছিল নাৰ্চগৰাকীক। তাৰপিছত নাৰ্চগৰাকীৰেই স্কাৰ্ফেৰে চিপ লগাই হত্যা কৰিছিল অভিযুক্তই। নাৰ্চগৰাকীৰ মোবাইল আৰু ৩ হাজাৰ নগদ ধনো লৈ গৈছিল ধৰ্মেন্দ্ৰই।

আনহাতে ঝাৰখণ্ডত সংঘটিত হ’ল তাতোকৈ এটা জঘন্য ঘটনা। স্কুল ভেনৰ ড্ৰাইভাৰৰ কামনাৰ বলি এগৰাকী চাৰে তিনি বছৰীয়া শিশু। জমছেদপুৰৰ ৩০ বছৰীয়া স্কুল ভেন চালক তিৱাৰীক ইতমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...