গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন, তিনিটা শাখাৰ ফাইনেল সমাপ্ত

অসম বেডমিণ্টন সন্থাৰ উদ্যোগত গুৱাহাটীৰ আৰ জি ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাখন পূৰ্ণগতিত চলি আছে৷ ২৪ খন জিলাৰ প্ৰায় ৬৫০ গৰাকী খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনৰ ন, ১১ আৰু ১৩ বছৰ অনূধ্বৰ্ শাখাৰ ল’ৰা-ছোৱালীৰ এককৰ ফাইনেল মেচসমুহ সমাপ্ত হৈছে৷

সেই অনুসৰি ন বছৰ অনূধ্বৰ্ শাখাৰ ল’ৰাৰ খিতাপ লখিমপুৰৰ ময়ুৰ নিৰ্বান কাশ্যপে লাভ কৰাৰ বিপৰীতে ডিগৱৈৰ এৰিক পলাশ দত্ত ৰানাৰ্ছআপ তথা লখিমপুৰৰ ময়ুৰজ্যোতি দাস আৰু নিশান্ত বৰা তৃতীয় হয়৷ আনহাতে, ন বছৰ অনূধ্বৰ্ শাখাৰ ছোৱালীৰ খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ নন্দিকা সোণোৱালে৷ তিনিচুকীয়াৰ ঈক্ষিকা ঠাকুৰীয়া ৰানাৰ্ছ আপ তথা লখিমপুৰৰ সুপ্ৰিয়া পাৱে আৰু ডিব্ৰুগড়ৰ অংগনা প্ৰীয়ম ডেকাই তৃতীয় স্থান অৰ্জন কৰে৷

ইফালে, ১১ বছৰ অনূধ্বৰ ল’ৰাৰ একক শাখাৰ খিতাপ লাভ কৰিছে শিৱসাগৰৰ মহম্মদ আয়ান হুছেইনে৷ লখিমপুৰৰ ডিম্বল হাজৰিকা ৰানাৰ্ছ আপ তথা শিৱসাগৰৰ আশ্বৰ্াদ ট’চিৰ ইছলাম আৰু লখিমপুৰৰ প্ৰজ্ঞান মিলি তৃতীয় হয়৷ আনহাতে, ১১ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত শিৱসাগৰৰ আদিশ্ৰী বুঢ়াগোহায়ে খিতাপ লাভ কৰিছে৷ গুৱাহাটীৰ তনভী প্ৰধান ৰানাৰ্ছআপ তথা গোলাঘাটৰ ডিন চাংফা বাইলুং আৰু যোৰহাটৰ অভিৰুচি শইকীয়া তৃতীয় হয়৷

ইফালে, ১৩ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত শিৱসাগৰৰ বেদাগনি গগৈয়ে খিতাপ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ হয় শিৱসাগৰৰে বৃষ্টিৰ্ণা ৰাজখোৱা৷ গুৱাহাটীৰ বাৰ্ণিকা কাশ্যপ আৰু শিৱসাগৰৰ ৰুদ্ৰানি গগৈ তৃতীয় হয়৷

উল্লেখ্য যে প্ৰতিযোগিতাত ইতিমধ্যে মিক্সড দলীয় শাখাৰ খিতাপ লাভ কৰিছে কামৰূপ জিলাই৷ ফাইনেলত কামৰূপে শিৱসাগৰক পৰাস্ত কৰে৷ ইফালে, তৃতীয় স্থানত থাকি ব্ৰঞ্জ লাভ কৰে গুৱাহাটী আৰু ডিব্ৰুগড়ে৷

ইফালে, দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসম বেডমিণ্টন সন্থাই আয়োজন কৰা সাত বছৰ অনূৰ্ধৰ প্ৰতিযোগিতাত চেম্পিয়ন হয় শিলচৰৰ শিবাংশ শ্বৱ৷ আনহাতে, ডিগৱৈৰ ত্ৰিনয়ন বৰফুকন দ্বিতীয় আৰু গুৱাহাটীৰ লোকেছ বৰকাকতি আৰু যোৰহাটৰ জিয়াশু কাশ্যপ তৃতীয় হৈছে৷ কাইলৈ প্ৰতিযোগিতাখন সামৰণি পৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...