গুৱাহাটীত পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন, তিনিটা শাখাৰ ফাইনেল সমাপ্ত

অসম বেডমিণ্টন সন্থাৰ উদ্যোগত গুৱাহাটীৰ আৰ জি ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাখন পূৰ্ণগতিত চলি আছে৷ ২৪ খন জিলাৰ প্ৰায় ৬৫০ গৰাকী খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনৰ ন, ১১ আৰু ১৩ বছৰ অনূধ্বৰ্ শাখাৰ ল’ৰা-ছোৱালীৰ এককৰ ফাইনেল মেচসমুহ সমাপ্ত হৈছে৷

সেই অনুসৰি ন বছৰ অনূধ্বৰ্ শাখাৰ ল’ৰাৰ খিতাপ লখিমপুৰৰ ময়ুৰ নিৰ্বান কাশ্যপে লাভ কৰাৰ বিপৰীতে ডিগৱৈৰ এৰিক পলাশ দত্ত ৰানাৰ্ছআপ তথা লখিমপুৰৰ ময়ুৰজ্যোতি দাস আৰু নিশান্ত বৰা তৃতীয় হয়৷ আনহাতে, ন বছৰ অনূধ্বৰ্ শাখাৰ ছোৱালীৰ খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ নন্দিকা সোণোৱালে৷ তিনিচুকীয়াৰ ঈক্ষিকা ঠাকুৰীয়া ৰানাৰ্ছ আপ তথা লখিমপুৰৰ সুপ্ৰিয়া পাৱে আৰু ডিব্ৰুগড়ৰ অংগনা প্ৰীয়ম ডেকাই তৃতীয় স্থান অৰ্জন কৰে৷

ইফালে, ১১ বছৰ অনূধ্বৰ ল’ৰাৰ একক শাখাৰ খিতাপ লাভ কৰিছে শিৱসাগৰৰ মহম্মদ আয়ান হুছেইনে৷ লখিমপুৰৰ ডিম্বল হাজৰিকা ৰানাৰ্ছ আপ তথা শিৱসাগৰৰ আশ্বৰ্াদ ট’চিৰ ইছলাম আৰু লখিমপুৰৰ প্ৰজ্ঞান মিলি তৃতীয় হয়৷ আনহাতে, ১১ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত শিৱসাগৰৰ আদিশ্ৰী বুঢ়াগোহায়ে খিতাপ লাভ কৰিছে৷ গুৱাহাটীৰ তনভী প্ৰধান ৰানাৰ্ছআপ তথা গোলাঘাটৰ ডিন চাংফা বাইলুং আৰু যোৰহাটৰ অভিৰুচি শইকীয়া তৃতীয় হয়৷

ইফালে, ১৩ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত শিৱসাগৰৰ বেদাগনি গগৈয়ে খিতাপ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ হয় শিৱসাগৰৰে বৃষ্টিৰ্ণা ৰাজখোৱা৷ গুৱাহাটীৰ বাৰ্ণিকা কাশ্যপ আৰু শিৱসাগৰৰ ৰুদ্ৰানি গগৈ তৃতীয় হয়৷

উল্লেখ্য যে প্ৰতিযোগিতাত ইতিমধ্যে মিক্সড দলীয় শাখাৰ খিতাপ লাভ কৰিছে কামৰূপ জিলাই৷ ফাইনেলত কামৰূপে শিৱসাগৰক পৰাস্ত কৰে৷ ইফালে, তৃতীয় স্থানত থাকি ব্ৰঞ্জ লাভ কৰে গুৱাহাটী আৰু ডিব্ৰুগড়ে৷

ইফালে, দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসম বেডমিণ্টন সন্থাই আয়োজন কৰা সাত বছৰ অনূৰ্ধৰ প্ৰতিযোগিতাত চেম্পিয়ন হয় শিলচৰৰ শিবাংশ শ্বৱ৷ আনহাতে, ডিগৱৈৰ ত্ৰিনয়ন বৰফুকন দ্বিতীয় আৰু গুৱাহাটীৰ লোকেছ বৰকাকতি আৰু যোৰহাটৰ জিয়াশু কাশ্যপ তৃতীয় হৈছে৷ কাইলৈ প্ৰতিযোগিতাখন সামৰণি পৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...