দুজন মানুহৰ জীৱনৰ মূল্য ২০ হাজাৰ টকা!

কেৱল ধন-সম্পত্তিৰ মোহত বন্দী একাংশৰ বাবে যেন নোহোৱা হৈছে জীৱনৰ মূল্য। কেৱল ২০হাজাৰ টকা… ২০হাজাৰ টকা চুপাৰি লৈয়ে হত্যা কৰা হ’ল দুজনকৈ লোকক। সমগ্ৰ ঘটনা সংঘটিত কৰি দিয়া হৈছিল দুৰ্ঘটনাৰ ৰূপ, আৰক্ষীৰ তদন্তত ফাদিল হয় ঘটনাৰ আচল ৰহস্য।

ভয়ংকৰ ঘটনাই জোকাৰিছে হাউলী। বুধবাৰে নিশা ফাৰ্ণিছাৰৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ অৱস্থাতে পথ দুৰ্ঘটনাত আহত হৈছিল পিতা-পুত্ৰ। পৰৱৰ্তী সময়ত দুয়োকে উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। কিন্তু হাস্পতালতে মৃত্যুক সাৱটিছিল পিতা-পুত্ৰ আব্দুৰ ৰেজ্জাক, আব্দুল মান্নানে। সময় আগবঢ়াৰ লগে লগে ঘটনাই সলালে মোৰ। হাউলী থানাৰ তদন্তত স্পষ্ট হৈছিল — এয়া দুৰ্ঘটনা নাছিল। হাউলী আৰক্ষীৰ জালত ৩ অভিযুক্ত। আৰক্ষীৰ জালত- মনোৱাৰ আলী, নুৰুল লস্কৰ আৰু নাজিব আলী। আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল গাড়ীচালক মনোৱাৰ আলীক। মনোৱাৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ নুৰুল লস্কৰ, নাজিব আলীক। মৃত আব্দুল মান্নানক হাতুৰীৰে কোবাই কোবাই কৰা হৈছিল হত্যা। হত্যাৰ বাবেই অভিযুক্তই লৈছিল ২০ হাজাৰ টকা চুপাৰি। এই ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে চাঞ্চল্যৰ। সমান্তৰালকৈ উত্থাপন হৈছে কেতবোৰ প্ৰশ্নৰ — মানুহৰ পৰা অমানুহ হোৱা একাংশৰ বাবে নোহোৱা হৈছে নেকি জীৱনৰ মূল্য?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...