দুজন মানুহৰ জীৱনৰ মূল্য ২০ হাজাৰ টকা!

কেৱল ধন-সম্পত্তিৰ মোহত বন্দী একাংশৰ বাবে যেন নোহোৱা হৈছে জীৱনৰ মূল্য। কেৱল ২০হাজাৰ টকা… ২০হাজাৰ টকা চুপাৰি লৈয়ে হত্যা কৰা হ’ল দুজনকৈ লোকক। সমগ্ৰ ঘটনা সংঘটিত কৰি দিয়া হৈছিল দুৰ্ঘটনাৰ ৰূপ, আৰক্ষীৰ তদন্তত ফাদিল হয় ঘটনাৰ আচল ৰহস্য।

ভয়ংকৰ ঘটনাই জোকাৰিছে হাউলী। বুধবাৰে নিশা ফাৰ্ণিছাৰৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ অৱস্থাতে পথ দুৰ্ঘটনাত আহত হৈছিল পিতা-পুত্ৰ। পৰৱৰ্তী সময়ত দুয়োকে উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। কিন্তু হাস্পতালতে মৃত্যুক সাৱটিছিল পিতা-পুত্ৰ আব্দুৰ ৰেজ্জাক, আব্দুল মান্নানে। সময় আগবঢ়াৰ লগে লগে ঘটনাই সলালে মোৰ। হাউলী থানাৰ তদন্তত স্পষ্ট হৈছিল — এয়া দুৰ্ঘটনা নাছিল। হাউলী আৰক্ষীৰ জালত ৩ অভিযুক্ত। আৰক্ষীৰ জালত- মনোৱাৰ আলী, নুৰুল লস্কৰ আৰু নাজিব আলী। আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল গাড়ীচালক মনোৱাৰ আলীক। মনোৱাৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ নুৰুল লস্কৰ, নাজিব আলীক। মৃত আব্দুল মান্নানক হাতুৰীৰে কোবাই কোবাই কৰা হৈছিল হত্যা। হত্যাৰ বাবেই অভিযুক্তই লৈছিল ২০ হাজাৰ টকা চুপাৰি। এই ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে চাঞ্চল্যৰ। সমান্তৰালকৈ উত্থাপন হৈছে কেতবোৰ প্ৰশ্নৰ — মানুহৰ পৰা অমানুহ হোৱা একাংশৰ বাবে নোহোৱা হৈছে নেকি জীৱনৰ মূল্য?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...