গুৱাহাটীত পুনৰ যুৱতীক হত্যাৰ চেষ্টা

ক্ৰমাৎ যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী। স্মাৰ্ট পুলিচেৰে ভৰি থকা গুৱাহাটীত দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ জঘন্য অপৰাধ। কিছুদিন পূৰ্বৰ লাষ্টগেটৰ নাহৰণি পথত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হ’ল অন এক জঘন্য ঘটনা। গুৱাহাটীত পুনৰ যুৱতীক হত্যাৰ চেষ্টা। শুকুৰবাৰে সন্ধিয়াৰ ভাগত ভেটাপাৰাৰ গোল্ডেন পথত সংঘটিত হয় এই ঘটনা। ৰাজপথতে যুৱতীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা। সংকটজনক অৱস্থাত যুৱতীক GMCHত ভৰ্তি। খোজকাঢ়ি আহি থকা অৱস্থাতে হঠাৎ আক্ৰমণ যুৱতীগৰাকীক । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰীৰ। ৰাইজে খেদি খেদি কৰায়ত্ব কৰে আক্ৰমণ কৰা লোকজনক। ধৃত লোকজনৰ নাম আজুল হক। স্থানীয় ৰাইজ আৰু আৰক্ষীকো আক্ৰমণৰ চেষ্টা লোকজনৰ। ছুৰিকাঘাত কৰা লোকজনৰ সৈতে একেলগে আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ লগত আছিল ২টাকৈ শিশু। প্ৰাপ্ত খবৰ অনুসৰি পূৰ্বৰে পৰা যুৱতীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল ধৃত আজুল হকে। আজুল হকক পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জে’ললৈ।

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...