গুৱাহাটী নহয় যেন অপৰাধীৰ নগৰীহে! নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ যুৱতীক

গুৱাহাটীৰ লজত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত দ্ৰব্য খুৱাই যুৱতীক বলাকৎকাৰ যুৱকৰ। ভুক্তভোগী যুৱতীৰ দিছপুৰ থানাত এজাহাৰ। ইনষ্টাগ্ৰামত চিনাকি হোৱা যুৱকে প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিলে যুৱতীগৰাকীক। তাৰ পাছতেই বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দিলে। সেই কথা বিশ্বাস কৰি আৰম্ভ হল কথা-বতৰা। এটা সময়ত ফুৰিবলৈ যাওঁ বুলি কৈ যুৱতীগৰাকীক যুৱকজনে লৈ গ’ল গুৱাহাটীৰ এখন লজলৈ। লজৰ ভিতৰতে নিচাযুক্ত দ্ৰব্য খুৱাই দিলে যুৱতীক। তাৰ পাছতে ধৰ্ষণ কৰিলে। এই অভিযোগেৰে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী।

মহানগৰীত ধাৰাবাহিকভাবে ঘটিছে এনে ঘটনা। এসপ্তাহমান পূৰ্বেও সংঘটিত হৈছিল এনে ঘটনা। ডাউন টাউনৰ মিনাক্ষী লজত দুই যুৱকৰ ধৰ্ষণৰ বলি হৈছিল এগৰাকী ছাত্ৰী। প্ৰথমে পাৰ্টী তাৰ পাছত দুই যুৱকে ধৰ্ষণ কৰিছিল যুৱতীগৰাকীক। তাতো অনুৰূপ প্ৰক্ৰিয়া। প্ৰথমে নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰা বুলি ছাত্ৰীয়ে এজাহাৰ দিছিল দিছপুৰ থানাত। অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এইবাৰ অভিযুক্ত প্ৰাঞ্জল ৰাজবংশী নামৰ যুৱক। এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান। যুৱতী-মহিলাসকল সাৱধান। সাৱধান অভিভাৱকসকলো। সহজে কাকো বিশ্বাস কৰি নোৱাৰা সময় এয়া। যিকোনো মুহূৰ্তত যিকোনো লোকে সলাব পাৰে ৰূপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...