সমাজে স্বীকৃতি নিদিয়া এটা সম্পৰ্ক ! সম্পৰ্কৰ শেষ মৃত্যু। গুৱাহাটীৰ গেষ্ট হাউছৰ কোঠাত উদ্ধাৰ দুটাকৈ মৃতদেহ। দুটা জীৱনৰ ৰহস্যঘন পৰিসমাপ্তি। গুৱাহাটীৰ বৰবাৰীত যুৱ উশৃংখলতাৰ ভয়ংকৰ পৰিণতি।
বৰবাৰীৰ মেগজিনৰ TOOSONJ GUEST HOUSE ৰ একেটা কোঠাতে উদ্ধাৰ চানমাৰি গণেশ নগৰৰ এটি ১৫ বছৰীয়া কিশোৰৰ ৰক্তাক্ত মৃতদেহ । গেষ্ট হাউছটোৰ একেটা কোঠাতে ছীপ লোৱা অৱস্থাত উদ্ধাৰ ৩৫ বছৰীয়া মকিবুৰ ৰহমানৰ মৃতদেহ ।
দশম শ্ৰেণীৰ কিশোৰটিৰ সর্ব শৰীৰত চোকা অস্ত্ৰৰ আঘাত। একেটা কোঠাত অৰ্ধ উলংগ হৈ চিপ লৈ আত্মহত্যা মকিবুৰৰ। কিশোৰটিৰ হত্যা কৰি মকিবুৰে আত্মহত্যা কৰাৰ সন্দেহ। কোঠাটোত উদ্ধাৰ দুটা খালী বিষাক্ত দৰৱৰ বটল, এখন ছুৰি।
৬ ছেপ্টেম্বৰৰ দুপৰীয়া কিশোৰটিয়ে চানমাৰি গণেশনগৰৰ নিজৰ ঘৰৰ পৰা মকিবুৰ ৰহমানৰ সৈতে এখন Tharত উঠি উলাই গৈছিল ফুৰিবলৈ । সুশৰীৰে ঘৰৰ পৰা উলাই যোৱা কিশোৰটি নিশালৈ ঘৰ উভতা নাছিল । চুইচ অফ আছিল কিশোৰটিৰ ফোন। নিশা ৯ বজাত কিশোৰটিৰ মাতৃয়ে চানমাৰি থানাত দাখিল কৰিছিল নিৰুদ্দেশৰ এজাহাৰ। পৰিয়ালৰ এজাহাৰ পাই চানমাৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
কিশোৰটিৰ ঘৰৰ সমীপতে ভাৰাতিয়া হিচাপে আছিল মকিবুৰ ৰহমানৰ। Thar খনৰ GPS লকেশ্যন ট্ৰেক কৰে চানমাৰি আৰক্ষীয়ে। GPS লকেশ্যনে সন্ধান উলিয়াই দুয়োৰে। ৫ তাৰিখে গেষ্ট হাউছটোৰ কোঠা বুকিং কৰিছিল মকিবুৰে।
মকিবুৰ ৰহমানে গুৱাহাটীত চিকিৎসাৰ বাবে অহাৰ কথা জনাইছিল গেষ্ট হাউছটোৰ কেয়াৰ টেকাৰক। এজনৰ নামত বুকিং কৰা কোঠাত দুজনক থাকিবলৈ অনুমতি দিয়া নাছিল কেয়াৰ টেকাৰে। কিশোৰজন কিছু সময়ৰ বাবে অহাৰ কথা কেয়াৰ টেকাৰক জনাইছিল মকিবুৰে । অলপ সময় কোঠাত থাকি ওলাই গৈছিল দুয়ো।
দেওবাৰে পুৱা নুনমাটি আৰক্ষী, CID আৰু ফৰেঞ্চিক দলৰ উপস্থিতিত দুয়োটা মৃতদেহ উদ্ধাৰ কৰে । দুয়োটা মৃতদেহ প্ৰেৰণ কৰে GMCH ৰ মৰণোত্তৰ পৰীক্ষাগাৰলৈ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ৪ পৃষ্ঠাৰ ‘আত্মহত্যা টোকা’। চুইচাইড নোটত লিখা আছে ‘আমাক ক্ষমা কৰি দিব’। আৰক্ষীয়ে ফৰেঞ্চিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে চুইচাইড নোটখন। আনফালে দশম শ্ৰেণীৰ কিশোৰটিৰ সৈতে মকিবুৰৰ ৰহমানৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
মৃত্যুৰ পূৰ্বে কোঠাৰ ভিতৰত চলিছিল সুৰাৰ পাৰ্টি। চিগাৰেটৰ পেকেট, সুৰাৰ বটল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এক কথাত যুৱ উশৃংখলতাৰ বিষাদ ভৰা পৰিসমাপ্তিৰ এয়া এখন সঁচা ছবি। আজিৰ আধুনিক অসমীয়া সমাজৰ এটা বিশেষ মন কৰিবলগীয়া বিষয় হৈছে যুৱ উচ্ছৃংখলতা। উচ্ছৃংখলতাৰ গৰাহত আধুনিক প্ৰজন্মই ইমানেই দ’কৈ শিপাইছে যে আজিৰ একাংশ যুৱক-যুৱতীয়ে নামানে গুৰু গোঁসাই। মুক্ত যৌনতা, অবৈধ প্ৰেম, অবৈধ সম্পৰ্ক, অপৰাধ প্ৰৱণতা, অপসংস্কৃতিয়ে যুৱ সমাজক ভাইৰাছৰ দৰে আক্ৰমণ কৰিছে৷ সমাজে স্বীকৃতি নিদিয়া এটা অন্ধকাৰ সম্পৰ্কৰ সপোন দেখি নিমিষতে নিঃশেষ হৈ যোৱা মাত্ৰ এয়া এটা উদাহৰণ হে…
