মহানগৰীত এয়া কেনে কাণ্ড.. ভৰলুত কোনে দলিয়ালে নৱজাতকক?

উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী এতিয়া যেন পৰ্যৱসিত হৈছে অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিলৈ। দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ঘটনা। হত্যা, ধৰ্ষণ, চুৰিকাণ্ডৰ দৰে ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভৰলু নৈত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ। বিষ্ণুপুৰ GMC ক’লনীৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো। দুদিন পূৰ্বে নৱজাতকটিক পেলাই থৈ যোৱাৰ সন্দেহ। ফুলি যোৱা অৱস্থাত আৱৰ্জনাৰ মাজত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। বৰ্তমানেও উদ্ধাৰ হোৱা নাই নৱজাতকটিৰ পৰিচয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি লৈ যায় GMCHলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...