অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি গুৱাহাটী? নে অপৰাধ প্ৰৱণতাই ছানি ধৰিছে কংক্ৰিটৰ মাজত বাস কৰা মহানাগৰিকৰ মনবোৰ? দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ অপৰাধ। এইবাৰ মহানগৰীৰ গণেশগুৰিৰ ৰাজপথত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। পথৰ মাজতেই গুৰুলা গুৰুলকৈ প্রহাৰ এজন যুৱকক। এগৰাকী যুৱতীক কেন্দ্র কৰি এই মাৰপিটৰ ঘটনা। ভাড়াঘৰৰ পৰা গণেশগুৰিলৈ আনি প্ৰহাৰ কৰে যুৱকজনক। পথত বগৰাই বগৰাই মাৰপিট কৰাৰ দৃশ্য বন্দী হয় কেমেৰাত। আক্রমণৰ বলি হোৱা যুৱকজন এজন ইউটিউবাৰ।