এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা

কোন দিশে গতি কৰিছে সমাজ! ভুল ক’ত? অভিভাৱকৰ সংস্কাৰত নে সামাজিক পাৰিপাৰ্শ্বিকতাত? এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা। এইবাৰ ধৰ্ষণত অভিযুক্ত ১৬ কিম্বা ১৭ বয়সৰ ৭ কিশোৰ। ১৪ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম কৰিছে তেওঁলোকে। মুখত সোপা দি, চকুত বান্ধি ক’লা কাপোৰ, সংঘটিত কৰিলে ধৰ্ষণ কাণ্ড। কিশোৰীগৰাকী বৰ্তমান ৬ মাহৰ অন্ত্বঃসত্তা

তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খেলি থকা কিশোৰীক চকু আৰু মুখত কাপোৰ বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ এই ৭অভিযুক্তৰ বিৰুদ্ধে। ৬ মাহৰ পূৰ্বেই সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ বিষয়ে কাৰোবাক ক’লেই ঘৰ জ্বলাই দিয়াৰ লগতে পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিয়াৰো অভিযোগ। ভয়ত উপায়ন্তৰ কিশোৰীগৰাকী এতিয়া ৬ মাহৰ অন্ত্বঃসত্তা। ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হল, অভিযুক্ত ৭ কিশোৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম কৰিছে ৭ কিশোৰে! এয়া সমাজৰ কেনে স্খলিত ৰূপ। আপোনাৰ সন্তানে কি কৰি আছে? আপুনি সেই লৈ সজাগ নে? চকুৰ পচাৰতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত হৈ গৈছে এনে চাঞ্চল্যকৰ ঘটনা। উদ্বিগ্ন সচেতন সমাজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...