ধেমাজিৰ ৰাজপথত ৰক্তাক্ত পৰিস্থিতি

সামান্য কথাতে লাগি দেওবাৰে পুৱাতে ধেমাজিৰ ৰাজপথত সৃষ্টি হ’ল ৰক্তাক্ত পৰিস্থিতি। জাৱৰ কঢ়িওৱা গাড়ীত জাৱৰ নেপেলাই জ্বলাই দিয়াকলৈ চাফাইকৰ্মী আৰু এজন ব্যৱসায়ীৰ পুত্ৰৰ মাজত সংঘাত লাগে। দুয়ো পক্ষৰ মাজত হোৱা আক্ৰমণ–প্ৰত্যাক্ৰমণত চাৰিজন লোক আহত হয়। গুৰুতৰভাৱে আহত অৱস্থাত পৌৰসভাৰ জাৱৰ কঢ়িওৱা গাড়ীচালকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আন দুজন চাফাইকৰ্মীও আহত হয়।

আহত পৌৰসভাৰ চাফাইকৰ্মীৰ অভিযোগ ধেমাজি চহৰত থকা দীপক কলিতা নামৰ ব্যৱসায়ীজনৰ ২ পুত্ৰই প্ৰাণে মৰাৰ চেষ্টা চলালে চাফাইকৰ্মী কেইজনক।

ইতিমধ্যে এই ঘটনাক লৈ ধেমাজি সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে। এজাহাৰত পৌৰপতি আৰু কাৰ্যবাহী বিষয়াই উল্লেখ কৰিছে ব্যহসায়ীৰ পুত্ৰৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰা গাড়ীচালক দুলেন চেতিয়া ঘটনাস্থলীতে ঢলি পৰে। বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন। আহত আন দুজনৰো চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। আক্ৰমণকাৰী এজন যুৱকৰ নাম ৰাজদ্বীপ কলিতা। আনজনৰ নাম এজাহাৰত উল্লেখ কৰা নাই। ইফালে ব্যৱসায়ী দীপক কলিতাৰ পুত্ৰৰ অভিযোগ, চাফাইকৰ্মীয়ে প্ৰথমে আক্ৰমণ কৰিছিল।

ৰাজ্যপালৰ ধেমাজি ভ্ৰমণৰ প্ৰাকক্ষণত চহৰখন পৰিস্কাৰ কৰাৰ বাবে দেওবাৰে দিনজোৰা চাফাই অভিযানৰ কাৰ্যসূচী লৈছিল পৌৰসভাই। কিন্তু তাৰ মাজতে ঘটিল এই অঘটন। এই ঘটনাই এটা কথা স্পষ্ট কৰিছে এখন চহৰ পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত জনসচেতনতাৰ আজিও অভাৱ। জাৱৰ কঢ়িওয়া গাড়ীত জাৱৰ পেলাবলৈও অনিচ্ছুক একাংশ লোক। তেনে এক পৰিস্থিতিতে ধেমাজিত সংঘটিত হ’ল অবাঞ্চিত পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...