শিৱসাগৰৰ ডিমৌত চাঞ্চল্যকৰ অপহৰণ-ধৰ্ষণ

এনকাউন্টাৰতো ভীতিগ্ৰস্ত নহয় একাংশ। আৰক্ষীৰ গুলীয়ে ৰোধ কৰিব পৰা নাই ধৰ্ষণ। যেতিয়াই তেতিয়াই য’তে ত’তে বিকৃত যৌনাচাৰৰ বলি হৈছে মহিলা, যুৱতী, নাবালিকা। অভিযুক্ত গ্ৰেপ্তাৰ হৈছে, কেতিয়াবা গুলী খাইছে, কেইবাটাও ঘটনাত আদালতৰ বিচাৰত দোষী সাব্যস্ত হৈ শাস্তিও পাইছে ধৰ্ষণকাৰীয়ে। তাৰ পিছতো সংঘটিত হৈছে ধৰ্ষণৰ দৰে অপৰাধ। এইবাৰ ঘটনাৰ স্থান শিৱসাগৰৰ ডিমৌ। অপহৰণ আৰু ধৰ্ষণৰ বলি ৯ম শ্ৰেণীৰ ছাত্ৰী। অভিযুক্ত সুনীল আৰু ভাইটি। শুকুৰবাৰে বিয়লি প্ৰায় ৪ বাজি ২০ মিনিটত ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চিকাৰীভেটী অঞ্চলৰ অপহৃত হৈছিল কিশোৰীগৰাকী। বিয়লি এটা পথেৰে খোজকাঢ়ি গৈ আছিল ভুক্তভোগী। তেতিয়াই এখন টাটা বাহনত অহা ৩ যুৱকে মুখত সোপা দি অপহৰণ কৰি নিয়ে কিশোৰীগৰাকীক।

অপহৰণ কৰি ছাত্ৰীগৰাকীক সুনীলৰ ঘৰলৈ লৈ যায় দলটোৱে। তাৰ পিছতে ঘৰৰ ভিতৰত উচ্চস্বৰত সংগীত বজাই সুনীল আৰু ভাইটিয়ে নাবালিকাক উপৰ্যুপুৰি ধৰ্ষণ কৰাৰ অভিযোগ। সুৰাৰ ৰাগীত মাতাল হৈ থকা দুই অভিযুক্তৰ কবলৰ পৰা কোনোমতে পলাই আহি ঘটনা সন্দৰ্ভত মাতৃক অৱগত কৰে কিশোৰীগৰাকীয়ে। তাৰ পিছতেই শুকুৰবাৰে বিয়লি ডিমৌ আৰক্ষী থানাত এজাহাৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ।
মন কৰিব লগীয়া যে ভুক্তভোগী কিশোৰীগৰাকী এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাংচুডু খেলুৱৈ।
আশ্বৰ্যজনকভাৱে এজাহাৰ দাখিলৰ দুদিন পিছতো অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ ডিমৌ আৰক্ষী।

এই ঘটনাক লৈ স্বাভাৱিকতে সমগ্ৰ শিৱসাগৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এনেদৰে বিকৃত যৌনাচাৰৰ বলি হোৱাৰ পিছত ঘটনাক লৈ আৰক্ষীৰ সোপাঢিলা তদন্তত গৰজি উঠিছে শিৱসাগৰৰ দল-সংগঠন।

দুৰ্ভগীয়া কিশোৰীগৰাকী সম্প্ৰতি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। ন্যায় নাপালে আত্মহত্যাৰ ভাবুকি কিশোৰীগৰাকীৰ। সংবাদ মাধ্যমৰ সন্মুখত সমস্ত কথা বিৱৰি কৈছে নাবালিকা গৰাকীয়ে। কিন্তু ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীৰ দৃশ্য অথবা ভাষ্য আইনী বাধাৰ সংবাদমাধ্যমে দেখুৱাব নোৱাৰে। তথাপি ভুক্তভোগীৰ কথাখিনি আমি লিখিতভাৱেই আপোনালোকলৈ আগবঢ়াই দিছোঁ।

‘মানে মোৰ শুকুৰবাৰে কেচ এটা হৈ গ’ল। সন্ধিয়া মই মাৰ ওচৰলৈ যাওঁ দোকানলৈ। এইকেইদিন মই স্কুললৈও যোৱা নাছিলো। মোৰ পৰীক্ষা আহি আছে। সিদিনা অকণমান দেৰি হৈ গ’ল। ৩.৩০ মান বজাত মানে মই মাৰ ওচৰলৈ যাওঁতে হঠাৎ এচি গাড়ী এখন আহিলে। মা দোকানত আছিল তেতিয়া। দুটা ল’ৰা.. মানে তিনিটা ল’ৰা আছিলে। এটাই মাস্ক পিন্ধি আছিল। দুটা ল’ৰাই মোক টানি আনি মেলি গাড়ীৰ ভিতৰত ভৰাই দিয়ে। মুখখন সোপা মাৰি ধৰিছিল.. ভৰি দুখন মোৰ গাৰ ওপৰত তুলি দিছিল। তাৰ পিছত সিহঁতে তুফান গৈ মেলি সিহঁতৰ ঘৰৰ ওচৰত ৰখালে। নাম সিহঁতৰ সুনীল আৰু ভাইটি। সুনীল তপ্ন লিখে চাগে। তাৰ পিছত ঘৰৰ ভিতৰত পুৰা ফুল ভলিউমত ডেক বজাই দুইটাই মোক বলাৎকাৰ কৰে। মই খুব চিঞৰিছো। নাই একো নহ’ল। ককায়েকে বলাৎকাৰ কৰিছে, সৰুটোৱে ধৰিছে। সৰুটোৱে বলাৎকাৰ কৰিছে, ককায়েকে ধৰিছে। তাৰ পিছতে হঠাৎ কাৰেন্ট গ’ল। কাৰেন্ট যোৱাত মিউজিক বন্ধ হৈ গ’ল, মই চিঞৰি আছিলো। তেতিয়া কোনোবাই শুনিব বুলি সিহঁতে মোক এৰি দিলে। ঘৰৰ দৰ্জাখন খুলোতে ড্ৰাইভাৰজন আহিল। মই প্ৰায় অজ্ঞান হৈ পৰিছিলো। তাৰ পিছতে কেনেবাকৈ তাক গতা মাৰি মই দৌৰি দৌৰি মই ঘৰলৈ ঘূৰি গ’লো। মাক ক’লো গোটেই কথাখিনি। ঠিয় হৈ থাকিব পৰা নাছিলোঁ। মাই লগে লগে এম্বুলেন্স মাতিলে।’

আৰক্ষীয়ে ভুক্তভোগী কিশোৰী গৰাকীৰ এই ভাষ্য গ্ৰহণ কৰিছে। অভিযুক্তদ্বয়ৰ ঘৰো আৰক্ষীক দেখুৱাই দিছে ছাত্ৰীগৰাকীয়ে। তাৰ পিছতো দুই অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ ডিমৌ আৰক্ষী।

এই ঘটনাই স্বাভাৱিকতে সমগ্ৰ শিৱসাগৰ জোকাৰি গৈছে। চৌদিশে উত্থাপিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীৰ ন্যায় প্ৰাপ্তিৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...