কোনে হত্যা কৰিছিল ৰূপহীহাটৰ গড়াজানৰ ৪জনক?

নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত হৈছিল এটা লোমহৰ্ষক ঘটনাই। যি ঘটনাই জোকাৰি গৈছিল ৰাজ্য। বুধবাৰে জীয়ৰীৰ বিয়াৰ বাবে আয়োজন চলাই থকা পিতৃ-মাতৃ আৰু কন্যাক ঘপিয়াই হত্যা কৰিছিল আততায়ীয়ে। পূৰ্বে বিয়াত বহিবলৈ ওলাৱ যুৱতীৰে সম্পৰ্ক-সংঘাত থকা যুৱকেই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছিল। কিন্তু ৰহস্যজনকভাবে অনুপম সৰকাৰ নামৰ সেই যুৱকজনৰো মৃতদেহ একেলগে উদ্ধাৰ হৈছিল। ঘটনা আছিল ৰহস্যজনক। কোনে কিয় সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষী অধীক্ষক ঘটনাৰ পাছতে উপস্থিত হৈছিলগৈ গড়াজানত। ৰক্তাক্ত হৈ পৰা ঘৰটো চাই আৰক্ষী আৰু ফৰেণছিকে সংগ্ৰহ কৰিছিল কেতবোৰ নমুনা। এতিয়াও সেইবোৰ পৰীক্ষা চলিয়েই আছে। হানি-খুঁচি ঘপিয়াই হত্যা কৰা হৈছিল চাৰিওজনক। চাৰিওপিনে কেৱল তেজ আৰু তেজ। কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাছিল কোনো অস্ত্ৰ-শস্ত্ৰও। সেয়া কেনেকৈ সম্ভৱ। কোনোবা ছুপাৰি কিলাৰে এই ঘটনা সংঘটিত কৰা নাইতো।

গড়াজানৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন SIT। নগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী আৰক্ষী অধীক্ষক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লৈ গড়াজানৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে স্পেচিয়েল ইনভেষ্টিগেচন টীম। ঘটনা সংঘটিত হোৱাৰ চতুৰ্থ দিনা SDRF-এ হত্যাৰ বলি হোৱা গুণধৰ সৰকাৰৰ ঘৰৰ কাষতে থকা পুখুৰীত চলালে অভিযান। কিন্তু এই অভিযানতো কোনো অস্ত্ৰ নাপালে এছ ডি আৰ এফ বাহিনীয়ে।

অতি ভয়ানক আছিল সেই ঘটনা। এতিয়াও ভয়-শংকা গড়াজানবাসীৰ মাজত। হত্যাৰ আঁৰত কোন, কি। ফাদিল কৰিব লাগিব আৰক্ষীয়ে। তাৰেই অপেক্ষাত ৰূপহীহাটবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...