বিবাহ ভৱনত মাছে-মঙহে জুতি লৈ দৰাঘৰীয়ালৈ শিলগুটি নিক্ষেপ, শিৱসাগৰৰ ডিমৌত অতিথিৰ দুষ্কাৰ্য

শিৱসাগৰৰ ডিমৌত বৰযাত্ৰীৰ ওপৰত আক্ৰমণ। ঘটনাত আহত এজন বৰযাত্ৰী। ডিমৌৰ কলিয়াপানীৰ কামিনী বিবাহ ভৱনত এই আক্ৰমণৰ ঘটনা। ডিব্ৰুগড়ৰ শান্তিপাৰাৰ পৰা আহিছিল বৰযাত্ৰীসকল। বিবাহ ভৱনত উপস্থিত হোৱাৰ লগে লগে একাংশৰ শিলগুটি নিক্ষেপ বৰযাত্ৰীলৈ। এই ঘটনাত কইনা ঘৰৰ এজন লোক আহত। আক্ৰমণত ক্ষতিগ্ৰস্ত বিবাহযাত্ৰীৰ এখন গাড়ী। আক্ৰমণকাৰী ২ যুৱকক ৰাইজে কৰায়ত্ত কৰে যদিও আন ৪ যুৱকৰ পলায়ন। পৰৱৰ্তী সময়ত কৰায়ত্ত কৰা ২ যুৱকক আৰক্ষীক গতাই দিয়ে ৰাইজে। বিবাহ ভৱনত মাছে-মঙহে জুতি লৈ দৰাঘৰীয়াক আক্ৰমণ দলটোৰ। ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...