বিবাহ ভৱনত মাছে-মঙহে জুতি লৈ দৰাঘৰীয়ালৈ শিলগুটি নিক্ষেপ, শিৱসাগৰৰ ডিমৌত অতিথিৰ দুষ্কাৰ্য

শিৱসাগৰৰ ডিমৌত বৰযাত্ৰীৰ ওপৰত আক্ৰমণ। ঘটনাত আহত এজন বৰযাত্ৰী। ডিমৌৰ কলিয়াপানীৰ কামিনী বিবাহ ভৱনত এই আক্ৰমণৰ ঘটনা। ডিব্ৰুগড়ৰ শান্তিপাৰাৰ পৰা আহিছিল বৰযাত্ৰীসকল। বিবাহ ভৱনত উপস্থিত হোৱাৰ লগে লগে একাংশৰ শিলগুটি নিক্ষেপ বৰযাত্ৰীলৈ। এই ঘটনাত কইনা ঘৰৰ এজন লোক আহত। আক্ৰমণত ক্ষতিগ্ৰস্ত বিবাহযাত্ৰীৰ এখন গাড়ী। আক্ৰমণকাৰী ২ যুৱকক ৰাইজে কৰায়ত্ত কৰে যদিও আন ৪ যুৱকৰ পলায়ন। পৰৱৰ্তী সময়ত কৰায়ত্ত কৰা ২ যুৱকক আৰক্ষীক গতাই দিয়ে ৰাইজে। বিবাহ ভৱনত মাছে-মঙহে জুতি লৈ দৰাঘৰীয়াক আক্ৰমণ দলটোৰ। ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰবাবে নৰ্থ ইষ্ট ৰাইজিং কাপ ঘোষণা অসম ক্ৰিকেট সন্থাৰ

দেশৰ উত্তৰ-পূব অঞ্চলত তৃণমূল পৰ্যায়ৰ মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু...

ভাৰত-পাকিস্তান সংঘাতত হস্তক্ষেপ নকৰে আমেৰিকাই

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে বৃহস্পতিবাৰে স্পষ্ট কৰিছে যে,...

যোগ অলিম্পিয়াড, ৩২গৰাকী প্ৰতিযোগীৰ মাজত মহাৰণ

ডায়েট ধেমাজিত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়।...

‘অপাৰেচন সিন্দূৰ’ৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন বিশ্বস্ত বিষয়া…

অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ...