মানৱ অধিকাৰ উলংঘনৰ জঘন্যতম ঘটনা ডিব্ৰুগড়ত

মানুহ আৰু মানুহৰ জীৱন
ডিব্ৰুগড় কেন্দ্ৰীৰ কাৰাগাৰৰ সন্মুখত হুইলচেয়াৰত এটা মৃতদেহ
মূৰটো তললৈ কৰি হুইলচেয়াৰতে বহুৱাই থোৱা হৈছে মৃতদেহটো
চাৰিওপিনে পৰিয়ালৰ সদস্য, কিছু মানুহ

মানৱ অধিকাৰ উলংঘনৰ জঘন্যতম ঘটনা ডিব্ৰুগড়ত। ঘটনাৰ বিৱৰণি শুনি আপুনিও বাকৰুদ্ধ হৈ পৰিব। তিনিদিন পূৰ্বে টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২ নং গন্ধীয়া গাঁৱৰ লৈলজা বৰগোঁহাই নামৰ লোকজনক।

পাৰিবাৰিক কন্দলৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল লোকজন। গ্ৰেপ্তাৰৰ পাছত লোকজনক প্ৰেৰণ কৰা হৈছিল কেন্দ্ৰীয় কাৰাগাৰলৈ। বৃহস্পতিবাৰে আদালতে লোকজনৰ জামিন মঞ্জুৰ কৰিলে। সেই অনুসৰিয়েই লোকজনক লৈ যাবলৈ পৰিয়ালৰ লোক আহিল কেন্দ্ৰীয় কাৰাগাৰলৈ। কাৰাগাৰ কৰ্তৃপক্ষই হুইলচেয়াৰত বহুৱাই বাহিৰলৈ লৈ আনিলে শৈলজা বৰগোঁহাইক। মাত নাই, মূৰটো তললৈ। পাছত পৰিয়ালৰ লোকে গম পালে শৈলজাৰ মৃতদেহ আছিল সেয়া। কাৰাগাৰ কৰ্তৃপক্ষই শৈলজা বৰগোহাঁইৰ মৃতদেহহে গতাই দিছিল পৰিয়ালক। ইয়াৰ পাছতে হাহাকাৰ লাগিল পৰিয়ালত। চাঞ্চল্যৰ সৃষ্টি হল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চৌহদত। নিশাই এই বাতৰি সম্প্ৰচাৰ হল এন কে টিভিত। তাৰ পাছতে ডিব্ৰুগড় প্ৰশাসনৰ হাহাকাৰ।

সন্ধিয়া ৫.৩০ বজাৰ পৰাই হুইলচেয়াৰত আছিল মৃতদেহটো। NKTVৰ বাতৰি দেখি ১০.৩০ বজাত উপস্থিত আৰক্ষী। ৫ ঘন্টা মৃতদেহ পৰি থকাৰ খবৰ নোপোৱা আৰক্ষীয়ে নিশালৈ গৈ হুলস্থুল লগালে। মৃতদেহ লৈ যাব লাগে। হঠাৎ তৎপৰতা। প্ৰশ্ন কৰিলে পৰিয়ালে, দণ্ডাধীশ নোহোৱাকৈ কেনেকৈ নিব মৃতদেহ। বলপূৰ্বক আৰক্ষীয়ে গাড়ীত তুলি লৈ গ’ল শৈলজা বৰগোঁহাইৰ মৃতদেহ। শেষ মুহূৰ্তলৈ মৃতদেহটোৰ ওপৰত বগা কাপোৰ এখনো নপৰিল। পৰিয়ালৰ লোকৰ এটাই প্ৰশ্ন, সুস্থ অৱস্থাত লৈ অনা লোকজনৰ মৃত্যু কেনেকৈ হল, আমাক ক’ব লাগিব।

শৈলজা বৰগোহাঁইৰ মৃত্যুৰ পাছত শোকাকুল পৰিৱেশ ঘৰখনত। নিথৰুৱা হোৱা দুই পুত্ৰ-কন্যাৰ দায়িত্ব লব কোনে। বামুণবাৰী আৰক্ষীয়ে মাৰ-পিট কৰি শৈলজাক জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ।

শুকুৰবাৰে শৈলজা বৰগোহাঁইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ল। এই ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠন। মৃত শৈলজাৰ পৰিয়ালৰ লোকে কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক আৰু বামুনবাৰী আৰক্ষী চকীৰ বিষয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই ঘটনাই জোকাৰি গৈছে ৰাজ্য। কিমান দুৰ্ভাগ্যজনক এই ঘটনা।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...