শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত অনুৰূপ কেইবাটাও ঘটনা সংঘটিত হ’ল দেশত। ২৭ বছৰীয়া শ্ৰদ্ধাক হত্যাৰ পিছত প্ৰেমিক আফতাব আমিন পুনেৱালাই টুকুৰা–টুকুৰ কৰি ভৰাই থৈছিল ফ্ৰীজত। শ্ৰদ্ধাৰ শৰীৰ ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰাখি পিছত জংঘলত পেলাই দিছিল ভণ্ড প্ৰেমিক আলতাবে। এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে বেংগালুৰুত। ভাৰাঘৰৰ ফ্ৰীজত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহৰ ৩০টা টুকুৰা।

এই নৃশংস, ভয়ানক ঘটনা ঘটিছে বেংগালুৰুৰ মল্লেশ্বৰমত। যুৱতীগৰাকীয়ে তিনিমাহ ধৰি বাস কৰা এটা বেডৰূমৰ ফ্লেটৰ পৰা অহা দুৰ্গন্ধত সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে পোহৰলৈ আহে চাঞ্চল্যকৰ ঘটনা। ফ্ৰীজত উদ্ধাৰ হ’ল মৃতদেহৰ ৩০টা টুকুৰা। তদন্তৰ বাবে আৰক্ষীয়ে স্নিফাৰ ডগ ব্যৱহাৰ কৰাৰ লগতে শোধা–পোচা কৰিছে বহুজনক। ফ্লেটটোলৈ আহ–যাহ কৰাৰ পথত দিয়া হৈছে বেৰিকেট। ঘটনাস্থলীত উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰিছে ফৰেণচিকৰ দলে। বেংগালুৰুত অকলে থকা যুৱতীগৰাকী বহি:ৰাজ্যৰ। এটা মলত কাম কৰি আছিল যুৱতীগৰাকীয়ে। কোনো পৰিচিত লোকে যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ। যুৱতীগৰাকী বেংগালুৰুত অকলে থাকিলেও তেওঁ বিবাহিত বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বেংগালুৰুত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...