গুৱাহাটীৰ লালমাটিত নৃশংস হত্যাকাণ্ড। প্ৰেমিকে হত্যা কৰিলে এগৰাকী মহিলাক! মৃত মহিলাগৰাকীৰ নাম জুনু ৰাজবংশী। বিজয় নামৰ প্ৰেমিকে হত্যা কৰাৰ সন্দেহ। পেছাত পদপথৰ ব্যৱসায়ী আছিল মহিলাগৰাকী। শনিবাৰে নিশা কাজিয়া হৈছিল বিজয় আৰু জুনুৰ মাজত। তাৰ পিছৰে পৰা বন্ধ আছিল জুনু নামৰ মহিলাগৰাকীৰ ফোন। আজি উৱলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী। উল্লেখ্য যে মহিলাগৰাকীৰ পূৰ্বৰ স্বামীৰ মৃত্যু হৈছিল।