পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ

মাতৃ দিৱসৰ দিনাই মহানগৰীত ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ। মৃত শিশুটি মৃন্ময় ৰাজবংশী বুলি চিনাক্ত। দেওবাৰে দুপৰীয়াৰ ভাগত বশিষ্ঠৰ হেম ভাই আশ্ৰমৰ চৌহদৰ সমীপত এটা ক’লা ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ। শনিবাৰৰে পৰা নিৰুদ্দেশ হৈ আছিল মৃত মৃন্ময় ৰাজবংশী। আৰক্ষীৰ জালত মাতৃ দিপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিক জ্যোতিৰ্ময় হালৈ। অবৈধ প্ৰেমৰ বাবেই শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ মাতৃ আৰু অবৈধ প্ৰেমিকৰ।

সম্প্ৰতি দিছপুৰ থানাত জেৰা চলাইছে মাতৃ আৰু অবৈধ প্ৰেমিকক। মহানগৰীৰ এখন ব্যক্তিগত ক্লিনিকত কৰ্মৰত আছিল মাতৃ। অভিযুক্ত প্ৰেমিক জ্যোতিৰ্ময় হালৈ আছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। পৰকীয়া প্ৰেমৰ বাবে বিবাহ বিচ্ছেদো হৈছিল অভিযুক্ত মাতৃৰ। মাতৃ আৰু অবৈধ প্ৰেমিকৰ মাজত হেঙাৰ হৈছিল শিশুটি। যাৰ বাবে শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ মাতৃ আৰু প্ৰেমিকৰ। ঘটনাস্থলীত উপস্থিত CID আৰু ফৰেনচিকৰ লগতে দণ্ডাধীশ। প্ৰথমে ঘটনাস্থলীলৈ গাড়ীৰে লৈ গৈছিল শিশুটিক। আন্ধাৰ সুযোগত শিশুটিক হত্যা কৰি সেই স্থানতেই পেলাই গৈছিল অভিযুক্তই। পাছত থানালৈ গৈ শিশুটি নিৰুদ্দেশ হোৱা বুলি দাখিল কৰিছিল এজাহাৰ। সমগ্ৰ ঘটনাক নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছিল মাতৃ-অবৈধ প্ৰেমিকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...