গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত এগৰাকী খেলুৱৈ। সেই খেলুৱৈগৰাকীয়ে ঘটাই পেলালে এটা শিহৰণকাৰী ঘটনা। নিশাৰ ভাগত এটা ফেচ ক্ৰীম ক্ৰয় কৰাক লৈ প্ৰথমে মাতৃৰ লগত তৰ্কাতৰ্কি হৈছিল যুৱতীগৰাকীৰ। তাৰ পাছতে টেনিছ খেলা ৰেকেটেৰ যুৱতীগৰাকীক মাৰি দিছিল মাতৃয়ে। আৰু তেনেকৈয়ে আৰম্ভ হৈছিল হতাহতি। এটা সময় উত্তেজিত হৈ পটাগুটিৰে যুৱতীগৰাকীয়ে মাৰি দিছিল মাকক। মাতৃৰ মৃত্যুৰ পাছত হত্যাকাৰী যুৱতী এতিয়া আৰক্ষীৰ জালত।

এটা ফে’চ ক্ৰীমক লৈ হৈছিল কাজিয়াৰ সূত্ৰপাত
প্ৰথমে টেনিছ ৰেকেটেৰে মাতৃক আক্ৰমণ
জীয়ৰীয়ে পটাগুটিৰে মৰিয়াই হত্যা কৰিলে মাতৃক
গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

যুৱতীগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ। বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত খেলুৱৈগৰাকীয়ে ঘটাই পেলালে এটা শিহৰণকাৰী ঘটনা। নিশাৰ ভাগত এটা ফেচ ক্ৰীম ক্ৰয় কৰাক লৈ প্ৰথমে মাতৃৰ লগত তৰ্কাতৰ্কি হৈছিল যুৱতীগৰাকীৰ। তাৰ পাছতে টেনিছ খেলা ৰেকেটেৰ যুৱতীগৰাকীক মাৰি দিছিল মাতৃয়ে। আৰু তেনেকৈয়ে আৰম্ভ হৈছিল হতাহতি।
প্ৰত্যাক্ৰমণ কৰিছিল যুৱতীগৰাকীয়ে
এটা সময় উত্তেজিত হৈ পটাগুটিৰে মাৰি দিছিল মাকক
মৰিয়াই হত্যা কৰিছিল মাতৃক

হত্যাকাৰী যুৱতীৰ স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখত
হুলস্থুল শুনি এটা সময়ত ঘৰৰ পিনে আগবাঢ়ি গৈছিল চুবুৰীয়া। বাৰেবাৰে দুৱাৰত টোকৰিয়াই মাতি দিছিল চুবুৰীয়া মহিলাই। বহুসময়লৈ ঘৰৰ ভিতৰৰ পৰা ওলাই অহা নাছিল যুৱতীগৰাকী। যেতিয়া ওলাই আহিছিল
যুৱতীগৰাকীৰ হাতত তেজ
তেজৰ টোপাল পৰি গৈছিল ছিৰিত

ঘটনাৰ খবৰ পায়েই উপস্থিত হৈছিলগৈ আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱতীগৰাকীক। যুৱতীগৰাকীয়ে মানসিক স্থিতিক লৈও সন্দেহ ঘনীভূত হৈছে আৰক্ষীৰ। সেই দিশতো আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। তাৰ পাছতহে পোহৰলৈ আহিব আঁৰত কি আছিল। কাৰণ যুৱতীগৰাকীয়ে পিতৃৰ বিৰুদ্ধেও উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...