ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী

‘অসমক মাহীআইৰ দৃষ্টিৰে চাই কংগ্ৰেছে’
ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী
প্ৰিয়াংক খাৰ্গে বিৰুদ্ধে সৰব ৰাজ্যিক বিজেপিৰ নেতা-মন্ত্ৰী

জাগীৰোডত নিৰ্মাণ হ’ব লগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৰ্ণাটক মন্ত্ৰী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেয়ে X হেণ্ডেলত কৰা এক পোষ্টে জুই লগাইছে ৰাজ্যত। এই পোষ্টৰ পিছতে কংগ্ৰেছক সাঙুৰি আক্ৰমণাত্মক হৈ পৰিছে বিজেপিৰ মন্ত্ৰী–বিধায়ক। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই প্ৰিয়াংক খাৰ্গেয়ে X হেণ্ডেলৰ পোষ্টৰ উৰ্দ্ধৃতি দি প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

পুনৰ এবাৰ কংগ্ৰেছে অসম বিৰোধী চৰিত্ৰ উন্মোচিত কৰিলে
কংগ্ৰেছ সভাপতিৰ পুত্ৰই ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অধিকাৰ অসমৰ নাই বুলি ক’লে
অসমৰ কংগ্ৰেছ নেতাই ইয়াৰ বিৰোধিতা কৰক


প্ৰথমে মন্ত্ৰী পীয়ূষ হাজৰিকাই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তাৰ পিছতো তেওঁ ধাৰাবাহিক ভাৱে সৰব হৈ আছে অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেৰ বিৰোধিতাত।

দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ক্ষুৰধাৰ আক্ৰমণ কৰিলে মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়াংক খাৰ্গেক

কংগ্ৰেছৰ দ্বিতীয় পৰিয়াল খাৰ্গে অসম বিৰোধী
ডo ভূপেন হাজৰিকাই ভাৰতৰত্ন পাওতে অপমান কৰিছিল মল্লিকাৰ্জ্জুন খাৰ্গেই
এতিয়া ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমত হ’ব নালাগে বুলি যুক্তি দিছে প্ৰিয়াংক খাৰ্গেই

এতিয়া কংগ্ৰেছৰ অসম বিৰোধী কংগ্ৰেছক লৈ ভুপেন বৰা, ৰকিবুল হুছেইনৰ দৰে সৰৱ কংগ্ৰেছী নেতাই ৰাইজক কি ক’ব?
কিন্তু কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেই অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৈছিল কি? X হেণ্ডেলত কৰ্ণাটকৰ মন্ত্ৰীজনে লিখিছিল–

৫টা ছেমিকণ্ডাক্টৰ নিৰ্মাণ প্ৰকল্পৰ ৪টা গুজৰাট আৰু এটা অসমত। কিন্তু তেওঁলোকৰ কোনো দক্ষ ব্যৱস্থা নাই। নাই গৱেষণা, উদ্ভাৱনৰ পৰিৱেশ। ইয়াৰ বিপৰীতে ৭০% দক্ষলোক আছে কৰ্ণাটকত। এনে অৱস্থাত চৰকাৰে কিয় কৰ্ণাটকক বঞ্চিত কৰিছে? ই ৰাজনীতি, এয়া অন্যায়।

প্ৰিয়াংক খাৰ্গে এই মন্তব্যৰ পিছতে সৰব হৈছে ৰাজ্যৰ বিজেপি নেতা।

কংগ্ৰেছে অৱশ্যে প্ৰিয়াংক খাৰ্গেৰ মন্তব্য ভুল ব্যাখ্যা হোৱা বুলি দাবী কৰিছে। বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈ, ভূপেন বৰাই।

মুঠতে ৰাজ্যৰ ৰাজনীতি গৰম হৈছে প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...